Breaking

৮ বছৰৰ পাছত বাংলাদেশত মুক্তি পাবলগীয়া প্ৰথম হিন্দী ছবি হ’ব ‘পাঠান’

0 106

বাংলাদেশত মুক্তি পাব শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান।

শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ৮ বছৰৰ পাছত বাংলাদেশত মুক্তি পোৱা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হ’ব।

১৯৭১ চনত বাংলাদেশে গঠন হোৱাৰ পিছৰে পৰা হিন্দী ছবিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

২০১৫ চনত ছলমান খানৰ ছবি ‘ৱাণ্টেড’ৰ বাবে এই নিষেধাজ্ঞা কিছু সময়ৰ বাবে উঠাই লোৱা হৈছিল।

কিন্তু ছবিখন মুক্তিৰ এসপ্তাহৰ পিছতে চিনেমা সংগঠনৰ ব্যাপক প্ৰতিবাদৰ বাবে ছবিখন উঠাই অনা হয়। অহা ১২ মে’ত বাংলাদেশত মুক্তি পাব ‘পাঠান’৷

Leave A Reply