ধুবুৰী অসামৰিক চিকিৎসালয়ত ৰোগীক দিয়া হৈছে ম্যাদ উকলি যোৱা চেলাইন

ধুবুৰীত কি চলিছে? চিকিৎসাৰ নামত চৰকাৰী ভাবে আগবঢ়োৱা চেলাইন লগাই অসুস্থ একাংশ ৰোগী।ৰোগীৰ আত্মীয়ৰ মাজত লাগিছে হাহাকাৰ।নাৰ্চে আহি লগাইছিল ম্যাদ উকলি যোৱা চেলাইন।হস্পিতালত মেডিচিনৰ বৃহৎ চিণ্ডিকেট চলাৰ অভিযোগ।
মৃত্যু দূতত পৰিণত এতিয়া ধুবুৰীৰ অসামৰিক চিকিৎসালয়।ৰোগীৰ চিকিৎসাৰ নামত চৰম গাফিলতি স্বয়ং চিকিৎসালয় কৰ্তৃপক্ষৰ।ৰোগীক মেডিচিন দিয়াৰ নামত ভয়ঙ্কৰ দুৰ্নীতি পোহৰলৈ।আজি দীৰ্ঘ দিনেই ৰোগীক ম্যাদ উকলি যোৱা চেলাইন লগাই চলি আহিছিল চিকিৎসা।চিকিৎসালয় লৈ অহা বহু দুখীয়া ব্যক্তিক ৰাম চিকিৎসাৰ নামত ৰাম ঠগণ দি একাংশ চিকিৎসক, নাৰ্চ আৰু হস্পিতাল কৰ্তৃপক্ষয়
 মেডিচিন ৰ নামত চলাই আহিছে অবাধ ছিণ্ডিকেট।ৰোগীক ম্যাদ উকলি যোৱা মেডিচিন আৰু চেলাইন যোগান ধৰি একপ্ৰকাৰ হাজাৰ জাহাৰ ৰোগীৰ জীৱনৰ সৈতে ধেমালি কৰি আহিছে হস্পিতাল কৰ্তৃপক্ষই।আনপিনে চৰকাৰী ভাবে যোগান ধৰা মেডিচিন আৰু চেলাইনকলৈও বৃহৎ ছিণ্ডিকেটৰ অভিযোগ উত্থাপিত হৈছে অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে।
আজি ধুবুৰীৰ মহিলা কক্ষত কেইবাজনো  ৰোগীক ম্যাদ উকলি যোৱা চেলাইন লগোৱাৰ পিছে পিছেই ৰোগী সকল অসুস্থ হৈ পৰাত হুয়া দুৱা লাগে আত্মীয় লৰ মাজত অৱশেষত ম্যাদ উকলি যোৱা চেলাইন লগোৱা বিষয় টো পোহৰ লৈ অহাৰ পাছতেই ক্ষোভিত হৈ পৰে আত্মীয় সকল।লগে লগে চিকিৎসক আৰু নাৰ্চৰ দল উপস্থিত হৈ বিষয় টো গাপ দিয়াৰ বা আত্মীয় সকলোক মেনেজ কৰাৰ বাবে চেষ্টা চলায় যদিও ক্ষোভিত জনতাই সংবাদ মাধ্যমক খবৰ দিয়াত সাংবাদীৰ দল উপস্থিত হোৱাত কেমেৰাৰ সন্মুখত এইদৰে কয়।, আনহাতে এই বিষয়ে দায়িত্বত থকা চিকিৎসকক প্ৰশ্ন কৰাৰ চিকিৎসক গৰাকী ও সমগ্ৰ বিষয় টো গাপ দিয়াৰ চেষ্টা চলায়।অকল চিকিৎসকেই নহয় নাৰ্চ আৰু একাংশ মেডিচিন মৰ দায়িত্বত থকা কৰ্মচাৰীয়ে ও সাংবাদিকৰ সৈতে সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবে সাংবাদিকৰ দলক বাধা দিয়াৰ চেষ্টা চলায়।

Related Articles