ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি আজি গোসাঁইগাঁৱতো মহকুমা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত দেশভক্ত তৰুন ৰাম ফুকনৰ মৃত্যুতিথি উপলক্ষে ‘দেশভক্ত’ দিৱস উদযাপন কৰা হয় । কাৰ্যসূচী মতে পুৱা ১১ বজাত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা তথ্য আৰু জনসংযোগ বিষয়া মৃদুল বড়োই,বন্তি প্ৰজ্বলন কৰে নিৰ্বাচনী বিষয়া আহমেদুল্লা ঠাকুৰীয়াই ।

ইয়াৰ পাছত দেশভক্ত তৰুনৰাম ফুকনৰ স্মৃতিত ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত গোসাইগাঁও শাখা সাহিত্য সভাৰ সম্পাদক খনিন্দ্ৰ দাসে দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিক সোৱৰি মূল্যবান ভাষন আগবঢ়ায় । সভাত গোসাঁইগাঁও প্ৰেছ ক্লাৱৰ সভাপতি হাফিজুৰ ৰহমান,সম্পাদক উৎপল দে, শ্ৰীৰামপুৰ প্ৰেছ ক্লাৱৰ সহ সম্পাদক আজিজুল হক সহ গোসাঁইগাঁও,শ্ৰীৰামপুৰ,বড়ো প্ৰেছ ক্লাৱৰ সাংবাদিক সকল,বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক,ছাত্ৰ সকলৰ লগতে তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয় বিষয়া আৰু বিশিষ্ট ব্যাক্তিসকল উপস্থিত থাকে।