কৃষ্ণকুমাৰ কুন্নাথ (কে কে), এটা হৃদয় সামৰা সুৰীয়া যুগৰ অৱসান:-“লাষ্ট ট্ৰেক”, এগৰাকী শ্ৰোতা- দৰ্শকে ধৰি ৰখা এটা মবাইল অডিঅ’ত এইদৰেই কোৱা শুনা গ’ল , জীৱনত অন্তিমবাৰৰ বাবে তেওঁ দৰ্শকৰ সন্মুখত লাইভ গীত পৰিৱেশন কৰাৰ আগে আগে । তাৰ পিছতে তেওঁ প্ৰান ঢালি গাবলৈ আৰম্ভ কৰিলে , ‘’ পল , যে হে কলকতা কে পল…..” !! লগেলগে কলকতাৰ নজৰুল মঞ্চত সহস্ৰ শ্ৰোতা- দৰ্শকৰ মাজত জোৱাৰ উঠিল , হিন্দী সংগীতৰ জগতত নিজৰ যাদুকৰী কণ্ঠৰে এটা নিজস্ব যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এজন প্ৰকৃত অৰ্থতেই ভদ্ৰ, অমায়িক শিল্পী কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কে কে’ৰ যাদুকৰী কণ্ঠৰ মুৰ্চ্চনাৰ ।
তেওঁৰ লগে লগে প্ৰতিজন শ্ৰোতা- দৰ্শকৰ কণ্ঠেৰে সুললিত হৈ উঠিল প্ৰেক্ষাগৃহ । ১৯৯৯ চনত মুক্তিৰ লগে লগেই জনপ্ৰিয় হৈ পৰা “প্যাৰ কে পল” শীৰ্ষক এই গীতটি স্বীকৃত হৈ পৰিল এটা প্ৰজন্মৰ বাবে প্ৰেমৰ চিৰ সেউজীয়া বাৰ্তা !! এই গীতটোৱে কি সুন্দৰ কৈ সংজ্ঞাৱদ্ধ কৰিছিল প্ৰেম- ভালপোৱাক , ইমানেই হৃদয় চুই যোৱাকৈ অনুভৱ কৰোৱাইছিল , “কেনেকুৱা অনুভৱ হয় যেতিয়া প্ৰেমত পৰা যায়?’’ , এক অতীৱ সাংগীতিক মাধুৰ্যতাৰে প্ৰকাশ কৰিছিল ‘জীৱন কেনেকুৱা অথৱা জীয়াই থকাৰ অনুভৱ কেনেকুৱা ?” ।
কিন্তু বাকী অনুৰাগীৰ কথা বাদ দিলেওঁ খোদ কলকতাৰ নজৰুল মঞ্চত তেওঁৰ গীতৰ সুৰত মোহাচ্ছন্ন হৈ থকা সহস্ৰজন শ্ৰোতা- দৰ্শকেওঁ সেই মূহুৰ্তত জনা নাছিল যে সেইটোৱেই এই মহান শিল্পী জনাৰ কণ্ঠৰ পৰা নিগৰিত হোৱা শেষৰটো গীত হব । এইদৰেই হঠাতে স্তদ্ধ হৈ গল এটা মধুৰ সুৰীয়া যাত্ৰাৰ !
এটা অনিশ্চিত নতুন Y2K যুগ সন্মুখত লৈ জীৱনৰ এক স্থিৰ দিশ বিচাৰি হাহাকাৰ কৰি থকা , কৈশোৰ- যৌৱনৰ দুৱাৰদলিত ভৰি দি ‘’প্ৰেম-ভালপোৱা’ , ‘’বন্ধুত্ব’’ , ‘’জীৱন’’ আদিক লৈ অস্থিৰ হৈ নিদ্ৰাবিহীন কত ৰাতি কটোৱা ভাৰতৰ এটা সমগ্ৰ প্ৰজন্মই কে কে’ৰ কণ্ঠত বিচাৰি লৈছিল জীৱনৰ প্ৰতিতো আৱেগৰ এক বুজাব নোৱাৰা , দেহ-মন পুলকিত কৰি তোলা,ৰোমাঞ্চকৰ অথচ আশ্বাষভৰা অনুভৱী নিৰাপত্তা ।
নতুনকৈ প্ৰেমত পৰি ব্যৰ্থা সাৱটি লোৱা প্ৰেমিকৰ বাবে যদি তেওঁ গাইছিল , “চচ্চ কেহ ৰহা হে দীৱানা” অথবা প্ৰেমত বিফল হৈ ভাগি পৰা বিধস্ত প্ৰেমিকৰ বাবে ‘’তড়প তড়প কে ইছ দিল চে আহ নিকলতি ৰহি..’’ , ৯০-২০০০ৰ দশকৰ বহুত কমেই হে ব্যক্তি ওলাব যি প্ৰেমত পৰি হাবুডুবু খাইছে কিন্তু কে কে”ৰ গীতত হেৰাই যোৱা নাই । জীৱনৰ একঘেয়ামী- বিফলতা- নিসংগতা আদিৰ মাজত নিজকে হেৰুৱাই দিয়াৰ উপক্ৰম হোৱা কতৰ বাবে ,‘’আৱাৰাপন-বঞ্জৰাপন’’ , ‘’ৰ’য়া ৰে’’ শেষ আশ্ৰয় হৈ পৰিছিল । “আখ’ মে তেৰি অজৱ চি আদায়ে হে’’ গীতটিত যেতিয়া তেওঁ গাই :- “আয়ী এইচি ৰাত হে’ জ’ বহুত খুচনচীৱ হেচ্ছাহে জিছে দুৰ চে দুনীয়া ৱ’ মেৰে কৰীৱ হে”এনেকুৱা অনুভৱ হয় যেন সম্পূৰ্ণ এখন ভিন্ন ধৰাৰ বুকুলৈ গুচি গৈছো !
এনেকুৱা যাদুকৰী আছিল তেওঁৰ কণ্ঠৰ আৱেশ । তেওঁ যদিওঁ আমাৰ মাজৰ পৰা এইদৰে হঠাতে হেৰাই গল , কিন্তু তেওঁৰ সংগীতৰ মাজতেই বাকী জীৱন আমি জীয়াই থাকিব লাগিব আৰু তেওঁৰ স্মৃতিওঁ সজীৱ কৰি ৰাখিৱ লাগিব ।কলকতাৰ নজৰুল মঞ্চত শেষৰটো গীত সমাপ্ত কৰি উঠিয়েই তেওঁ কৈছিল , ‘’ Goodnight , until we meet again…” , তাৰ পিছতেই তেওঁ সংগীবৃন্দৰ সৈতে ওলাই গৈছিল তাৰ পৰা , কিন্তু তেতিয়াওঁ নজৰুল মঞ্চত গুঞ্জৰিত হৈ আছিল , ‘’ হাম ৰহে য়া না ৰহে কল কল য়াদ আয়েংগে য়ে পল ….’’