Breaking

পৱন কুমাৰ বৰঠাকুৰ হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব …

0 203

১ ছেপ্টেম্বৰত নতুন মুখ্য সচিবৰূপে দ্বায়িত্ব গ্ৰহণ কৰিব পৱন বৰঠাকুৰে । জ্যেষ্ঠ IAS বিষয়া, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ হ’ব অসমৰ পৰৱৰ্তী মুখ্য সচিব ৷ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই (Chief Secretary Jishnu Barua) আগন্তুক 31 আগষ্টত অৱসৰ গ্ৰহণ কৰিব ৷ 1 চেপ্তেম্বৰৰ পৰা পৱন কুমাৰ বৰঠাকুৰে মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব (Next Chief Secretary of Assam is Paban Kumar Borthakur) ৷

1989 চনত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বাবে নিৰ্বাচিত পৱন কুমাৰ বৰঠাকুৰে ৰাজ্য চৰকাৰৰ ভালে সংখ্যক পদত কাৰ্যনিৰ্বাহ কৰি তেওঁৰ দক্ষতাৰ পৰিচয় দিছে ৷ আনহাতে, 31 আগষ্টত জিষ্ণু বৰুৱাই অৱসৰ গ্ৰহণ কৰিব যদিও ৰাজ্য চৰকাৰে আন এক নিৰ্দেশ যোগে বৰুৱাক APDCL ৰ অধ্যক্ষ পদত নিযুক্তি দিছে ৷ অৰ্থাৎ অৱসৰ গ্ৰহণ কৰিয়েই বৰুৱাই APDCLৰ অধ্যক্ষৰ আসনত বহিব

শেহতীয়াভাৱে নগাঁৱৰ প্ৰাক্তন আছু নেতা কীৰ্তিকমল বৰাক জিলাখনৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহত গুলীয়াই আহত কৰা ঘটনাৰ(Kirtikamal Bora encounter case) তদন্ত কৰি অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সেয়া আৰক্ষীৰ ভুল আছিল বুলি এক প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিছিল ৷

Leave A Reply