Breaking

পেটিএম ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰঃ ফাষ্টটেগ প্ৰদান কৰা ৩২ টা বেংকৰ তালিকাৰ পৰা আঁতৰিল পেটিএম বেংকৰ নাম

0 44

পেটিএম ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ। পেটিএম পেমেণ্টবেংকৰ (পিপিবিএল) ওপৰত নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ আৰবিআইৰ নিৰ্দেশৰ পিছতে পেটিএমৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছে। এতিয়া ফাষ্টটেগ প্ৰদান কৰা ৩২ টা বেংকৰ তালিকাত নাই পেটিএমৰ নাম।

গতিকে পেটিএম ব্যৱহাৰ কৰি এতিয়া আৰু কোনেও উক্ত ৩২ টা বেংকৰ পৰা ফাষ্টটেগ ক্ৰয় কৰিব নোৱাৰিব। শেহতীয়া খবৰ অনুসৰি ঘাইপথ টোল কৰ্তৃপক্ষই নতুন ফাষ্টটেগ জাৰি কৰিব পৰা কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ তালিকাৰ পৰা পেটিএম পেমেণ্ট বেংকৰ নাম আঁতৰাই দিছে। পথ ঘাইপথ টোল কৰ্তৃপক্ষই পৰামৰ্শ দিছে যে ব্যৱহাৰকাৰীসকলে অনুমোদিত বেংকৰ পৰাহে ফাষ্টটেগ ল’ব লাগিব।

ইতিমধ্যে ৩২ টা বেংকৰ এখন তালিকা নিৰ্ধাৰণ কৰি দিয়া হৈছে। ২০ মিলিয়নতকৈও অধিক পেটিএম ফাষ্টটেগ ব্যৱহাৰকাৰীয়ে এতিয়া নতুন আৰএফআইডি ষ্টিকাৰ গ্ৰহণ কৰিব লাগিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে কেইদিনমান পূৰ্বে পেটিএম পেমেণ্ট বেংকক (পিপিবিএল) বহু কেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছিল। পেটিএম পেমেণ্ট বেংকে ৰিজাৰ্ভ বেংকৰ বহু নিৰ্দেশনা মানি নচলাৰ বাবেই ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্ট বেংকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এনে পৰিস্থিতিৰ মাজতে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ বিহাৰ ইউনিটৰ ৰাজ্যিক সভাপতি অশোক কুমাৰ বৰ্মা আৰু সাধাৰণ সম্পাদক দুৰ্গাপ্ৰসাদ গুপ্তাই ইয়াৰ বেংক আৰু এপ ব্যৱহাৰ কৰা ব্যৱসায়ীসকলক সকীয়াই দিয়ে। তেওঁলোকে গ্ৰাহকক আন এটা পেমেণ্ট এপলৈ স্থানান্তৰিত হোৱাৰ পৰামৰ্শ দিছে।

বাণিজ্যিক সংস্থাসমূহে জনোৱা মতে, ব্যৱসায়ীসকলে কিউআৰ কোডৰ জৰিয়তে বজাৰত কোম্পানীৰ উপস্থিতিৰ পৰিৱৰ্তে অন্যান্য পেমেণ্ট এপৰ জৰিয়তে পেমেণ্ট গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছ’চিয়েশ্যনৰ প্ৰাক্তন যুটীয়া সচিব ডি এন ত্ৰিবেদীয়ে কয় যে, পেটিএম বেংকত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত বেংকিং লেনদেনত প্ৰভাৱ পৰিছে।

২০২৪ চনৰ ৩১ জানুৱাৰীত ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংকৰ সন্দৰ্ভত জাননী জাৰি কৰে, য’ত চলিত বৰ্ষৰ ২৯ ফেব্ৰুৱাৰীৰ পিছত পেটিএম পেমেণ্ট বেংকে কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছিল। ইতিমধ্যে পেমেণ্ট বেংকে নতুন গ্ৰাহক সৃষ্টি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Leave A Reply