বিধস্ত ফিল’বাৰী -কাকপথাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথে জ্বলা-কলা খুৱাইছে পথাচাৰীক

তিনিচুকীয়া জিলাৰ ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ পোন্ধৰ কিলোমিটাৰ দৈঘ্যৰ ফিল’বাৰী -কাকপথাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথৰ  প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ বিগত দুবছৰ ধৰি  বিধস্ত হৈ থকা অৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক । ডুমডুমা-ফিল’বাৰী ঘাই পথৰ পৰা গৌৰীপুৰ, শিতলপুৰ,  নগাঁও, ৰুমাই গাভৰু আদি গাঁৱৰ মাজেদি পাৰহৈ  কাকপথাৰ- টঙনা পথত সংযোগ হোৱা দুৱাৰমৰা খেৰজান পথ নামেৰে লোক নিৰ্মান বিভাগে নাম কৰণ কৰা তথা ফিল’বাৰীৰ ৰাইজৰ কাকপথাৰস্থিত উন্নয়ন খণ্ড কাৰ্য্যালয়লৈ যাতায়তৰ একমাত্ৰ  পথটোৰ   ডুমডুমা নদীৰ দলঙৰ দুয়ো পাৰে বিধস্ত হোৱা প্ৰায় তিনি কিলোমিটাৰ অংশ মেৰামতিৰ দাবীত বাৰম্বাৰ দাবী সাব্যস্ত কৰি অহা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই গড়কাপ্তানী বিভাগ আৰু জনপ্ৰতিনিধিয়ে। প্ৰায় চাৰি বছৰৰ আগতে প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পকীকৈ নিৰ্মাণ কৰা এই পথটোৰ  বৰ্তমান ফিল’বাৰী নেপালী প্ৰাথমিক বিদ্যালয়ৰ পৰা   ডাঙৰীয়া থান লৈকে প্ৰায়  তিনি কিলোমিটাৰ অংশত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। যাৰ ফলত, দুচকীয়া-চাৰিচকীয়া বাহনটো বাদেই, পদচাৰীয়েও সেই পথ অংশ অতিক্ৰম কৰাত অসুবিধাৰ সৃষ্টি হয়। সেই পথেৰে  বিশেষকৈ  ৰোগীক অনা নিয়া কৰাটো হৈ পৰিছে অন্যতম প্ৰত্যাহ্বান। বিগত সময়ত তদানীন্তন কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজক ৰাইজে বহুবাৰ আবেদন জনোৱাত  তেওঁ সেই ভগ্ন অংশ মেৰামতিৰ আশ্বাস দিছিল যদিও, এই আবেদন অৰণ্য ৰোদনত পৰিণত হয়। তদুপৰি, বৰ্তমান ডুমডুমা সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি দলৰ বিধায়ক ৰূপেশ গোৱালায়ো এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰা দেখা গৈছে। উল্লেখ্য যে , প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ নীতি অনুসৰি , সংশ্লিষ্ট নির্মাণকাৰী সংস্থাই নিৰ্দিষ্ট সময়লৈকে পথৰ মেৰামতি কৰিব লাগে যদিও, লোকনিৰ্মান বিভাগৰ গুৰুত্বহীনতাত কোনো ধৰণৰ মেৰামতি কৰা নাই। কিন্তু, লোক নিৰ্মাণ  বিভাগৰ অকৰ্মণ্যতাতেই হওক কিম্বা জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাই হওক এই পথঅংশৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বাৰে বাৰে  বঞ্চিত হোৱাত অঞ্চলবাসীৰ পুঞ্জীভূত ক্ষোভৰ উদ্গীৰণ যে নিশ্চিতভাৱে এদিন হব সেইয়া ধূৰুপ ।

Related Articles