Breaking

৪০ বছৰৰ তলৰ লোকে প্ৰতিমাহে পাব ২৬ লাখকৈ টকা! ক’ত, কেনেকৈ পাব জানক…

0 66

আজি আমি আপোনালোকক জনাম এখন বিশেষ গাঁৱৰ বিষয়ে। এই বিশেষ গাঁও খনত থাকিলে আফুনি লাভ কৰিব ধন। এই গাঁৱখন হৈছে ইটালীৰ দক্ষিণ কেলাব্ৰিয়া অঞ্চলৰ। এই গাঁওখনৰ ৪০ বছৰৰ তলৰ লোকে প্ৰতিমাহে পাব ২৬ লাখকৈ টকা। কিন্তু ইয়াৰ বাবে এটা চৰ্ত ৰখা হৈছে। ইয়াৰ অধীনত এই আঁচনি কেৱল ৪০ বছৰৰ তলৰ লোকৰ বাবেহে আৰু তেওঁলোকে আবেদন অনুমোদন পোৱাৰ ৯০ দিনৰ ভিতৰত উক্ত বসবাস আৰম্ভ কৰিব লাগিব। ইয়াৰ উপৰিও নতুন বাসিন্দাসকলেও ব্যৱসায় আৰম্ভ কৰিবলৈ সাজু হ’ব লাগিব।


কেলাব্ৰিয়াক প্ৰায়ে ইটালীৰ “ভৰি” বুলি জনা যায় আৰু ইয়াৰ উপকূলীয় সৌন্দৰ্য্য আৰু সুন্দৰ পাহাৰৰ বাবে বিখ্যাত। যোৱা কেইবছৰমানৰ পৰা এই অঞ্চলৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে, যাৰ বাবে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। এনে পৰিস্থিতিত এই সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ আৰু অঞ্চলটোৰ জনগোষ্ঠীসমূহত নতুন জীৱন উশাহ দিবলৈ কেলাব্ৰিয়াই এই আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত যিসকল যুৱক-যুৱতীয়ে কাম কৰিবলৈ আগ্ৰহী আৰু স্থানীয় অৰ্থনীতিলৈ অৰিহণা যোগাবলৈ আগ্ৰহী, তেওঁলোকক আৰ্থিক প্ৰৰোচনা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি বছৰৰ বাবে ইয়াত বসবাস কৰিলে নতুনকৈ অহা লোকসকলে ২৬.৪৮ লাখ টকা পৰ্যন্ত আয় লাভ কৰিব। ইয়াৰ লগতে যদি তেওঁ ইয়াত নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে তিনি বছৰৰ বাবে ধনৰাশিও এবাৰতে দিব পাৰি।

এই অঞ্চলৰ কৰ্তৃপক্ষই উৎসাহিত কৰা কিছুমান জনপ্ৰিয় ব্যৱসায়িক উদ্যোগ হ’ল ৰেষ্টুৰেণ্ট, দোকান, বেড এণ্ড ব্ৰেকফাষ্ট বা হোটেল।

Leave A Reply