ওৰাঙত অবৈধভাবে চলি থকা শিল বালি পৰিস্কাৰ কৰা মেচিন উচ্ছেদ কৰাৰ দাবী ৰাইজৰ

ওদালগুৰি জিলাৰ ওৰাং গৰুবন্ধাত অবৈধভাবে চলি থকা  শিল বালি পৰিস্কাৰ কৰা মেচিনটো জব্দ কৰিবলৈ দাবী উত্থাপন কৰিছে ওৰাঙৰ ৰাইজে। উল্লেখ যোগ্য যে বিগত তিনি বছৰ ধৰি M/S H.M. এন্টাৰপ্ৰাইজ (screening plant ) নামৰ উদ্যোগটোৰ জৰিয়তে নদীৰ পৰা কঢ়িয়াই অনা শিল বালি সমুহ মেচিনেৰে  পৰিস্কাৰ কৰা হয় । বিটিচি প্ৰশাসন আৰু ওদালগুৰি জিলা বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধভাবে গঢ়ি তোলা এই এন্টাৰপ্ৰাইজটোৰ স্বতাধিকাৰী জনে লাখ লাখ টকাৰ চালান বিহীনভাবে  শিল বালি বিক্ৰী কৰি আহিছে যদিও বিটিচি প্ৰশাসনৰ ৰাজকোষত ফুটা কঢ়ি এটাও পৰা নাই।অভিযোগ উঠিছে  স্বচ্ছ নিকা, দুৰ্নীতি মুক্ত এখন পৰিবৰ্তনশীল বিটিচি গঢ়াৰ প্ৰয়াস চলাই থকা প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ চৰকাৰ খনৰ  বন বিভাগৰ বিভাগীয়  ইম এম,গৰাকীও এই এন্টাৰপ্ৰাইজটোৰ স্বতাধিকাৰী জনক পিছ দুৱাৰেদি সহায় কৰি বিভাৰ্গীয় কৰ্তৃপক্ষৰ জৰিয়তে কমিচন খোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । এই অভিযোগ ৰাইজৰ । সেয়া যিয়েই নহওঁক তিনি বছৰ ধৰি  বিটিচি ৰাজহ বিভাগক ফাঁকি দি অবৈধভাবে চলাই থকা এই (স্ক্ৰিনিং প্ৰান্ট ) শিল বালি পৰিস্কাৰ কৰা মেচিনটো অতি শীঘ্ৰে বন্ধ কৰিবলৈ ওদালগুৰি জিলা উপায়ুক্তক অনুৰোধ জনোৱাৰ লগতে বিটিআৰ চৰকাৰৰ মূৰব্বীৰ   স্বচ্ছ নিকা আৰু দুৰ্নীতি মুক্ত এখন বিটিআৰ চৰকাৰৰ দৃষ্টান্ত ধাঙি ধৰিবলৈ  ওৰাঙৰ ৰাইজে অনুৰোধ জনাইছে ।

Related Articles