Breaking

দুৰদুৰীয়াৰ বানত ছিগা মথাউৰি খৰালিতে মেৰামতিৰ দাবী ৰাইজৰ

0 2,258

দৰং জিলাৰ পশ্চিমাঞ্চলৰ মাজেৰে বৈ যোৱা দিমীলা নদীৰ বাঢ়নী পানীয়ে ২০০৪ চনতে দুৰদুৰীয়াৰ সমীপত পূব দিশৰ মথাউৰিটোৰ প্ৰায় পঞ্চাশ মিটাৰ দৈৰ্ঘ্যজুৰি ছিগি পেলায়।যাৰ পাছত আজি সুদীৰ্ঘ সোতৰটা বছৰে বিভাগে মেৰামতি নকৰাকৈয়ে পেলাই থোৱাত দুৰদুৰীয়া, নাওঁপোটা,চমুখা, বগাচলা, বাঘমাৰা, ঘোপেলী, গোপালপুৰ, পাটগিৰি চুৱা, সোনাপুৰকে ধৰি প্ৰায় পোন্ধৰখনমান ৰাজহ গাঁৱৰ কৃষক ৰাইজৰ খেতি পথাৰ বাৰিষা সময়ত নদীখনৰ ওভটনি পানীৰ সোঁতে  বিস্তৰ ক্ষতি সাধন কৰি আহিছে।মূলতঃ বাৰিষা সময়ত পানীয়ে মাৰি থকাৰ পৰিপ্ৰেক্ষিতত তিনি- চাৰিবাৰকৈ কঠীয়া ৰুয়ো শস্য গোটাব নোৱাৰাৰ বাবে অঞ্চলটোৰ ৯৫ শতাংশ কৃষক ৰাইজ অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰিছে।খৰালি কালতো কৃষক ৰাইজে কৃষি বিভাগৰ পৰা বীজ- সাৰ আদি একো নোপোৱাত বজাৰৰ অত্যধিক মূল্যত  ৰবি শস্যৰ বীজ- সাৰ কিনিব নোৱাৰি ঘৰৰ পোহনীয়া হাঁহ-কুকুৰা বিক্ৰী কৰি যি পাৰে তাকৰীয়া ভাবে সৰিয়হ,মটৰ,মচুৰ, মাটি মাহ আদিৰ খেতি কৰি কিবা কৰি পৰিয়ালক পোহপাল দি আহিছে। উল্লেখ্য যে প্ৰতি বছৰে মথাউৰিৰ ছিগা অংশৰে বাৰিষা সময়ত নদীৰ বাঢ়নী পানী সোমাই কৃষিজীৱি ৰাইজক নাজল নাথল খুৱাই অহা ছিগা মথাউৰিৰ অংশ খিনি মেৰামতি কৰাৰ বাবে ৰাইজে বিধায়ক,সাংসদ, বিভাগৰ ওচৰত বাৰম্বাৰ আবেদন- নিবেদন, অনুৰোধ কৰি ভাগৰি পৰি  বাদ দিবলৈ বাধ্য হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০১৯ চনত তেতিয়াৰ তদানীন্তন বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চেঙেলীয়াঝাৰত ননৈ নদীৰ বানে ছিগা মথাউৰি পৰিদৰ্শন সময়ত দুৰদুৰীয়া গাঁৱৰ গাওঁ বুঢ়া গৰাকীয়ে বিষয়টো মন্ত্ৰী গৰাকীৰ ওচৰত অৱগত কৰাত তেওঁ তাত উপস্থিত থকা মঙলদৈ সংমণ্ডল জলসম্পদ বিভাগৰ অভিযন্তাক ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল।ৰাইজে ভাবিছিল যে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিলে যেতিয়া এইবাৰ মেৰামতি হ’বই।পিছে আজি দুটা বছৰে তেনেদৰেই নিৰ্দেশ নিৰ্দেশে হৈ থাকিল। ইফালে বিগত বৰ্ষত ৰাজ্যৰ বহু মথাউৰি মেৰামতি হ’ল যদিও বাদ পৰি ৰ’ল মাত্ৰ দুৰদুৰীয়াৰ দিমীলা নদীৰ ছিগা মথাউৰি। ইফালে আজি সোতৰ বছৰে মথাউৰিৰ ছিগা অংশত বাঁহৰ সাঁকো দি ৰাইজে যাতায়াত অব্যাহত ৰাখিব লগীয়া হৈছে। আঞ্চলিক ৰাইজে পুনৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি খৰালি কালত যিকোনো প্ৰকাৰে ছিগা অংশ খিনি মেৰামতি কৰি ৰাইজক উপকৃত কৰাৰ বাবে আহ্বান জনাইছে।

Leave A Reply