পশ্চিম দৰঙৰ সৰাবাৰীৰ ৰাইজ জল জীৱন মিচন আচনিৰ পৰা বঞ্চিত

ছিপাঝাৰ সমষ্টিৰ সীমামূৰীয়া গাওঁ নিজ সৰাবাৰী পানী যোগান আচনিৰ অন্তৰ্গত নিজ সৰাবাৰী আৰু বুঢ়াখাট গাওঁৰ গ্ৰাহক সকল ভাৰত চৰকাৰৰ জল জীৱন আচনিৰপৰা বঞ্চিত ৷ 1990 চনতে এম এম ৰ’ডৰ সমিপত স্থাপন কৰা সৰাবাৰী পানী যোগান আছনিৰ জৰিয়তে স্থানীয় ৰাইজক আৰ্ছেনিক মুক্ত খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ যথেষ্ট পৰিকল্পনা হাতত লৈছিল আৰু গাওখনৰ প্ৰত্যেকটো চুবুৰি পাইপেৰে সংযোগ কৰিছিল ৷ আনহাতে সেই পানীৰ পাইপ সমুহ অতি নিম্ন মানৰ হোৱা হেতুকে আচনিটোৰ পৰা চৰকাৰ বা ৰাইজ উপকৃত হোৱা নাছিল ৷ সেইসময়ত বিভাগীয় কৰ্তিপক্ষৰ লোকসকলে ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে হয়তো আচনিখন ফলপ্ৰসূ ন’হল ৷ সেই সময়ত অসম চৰকাৰে সকলো পানী যোগান আচনিত অৱৈতনিক ভাৱে এজন কৰ্মচাৰী নিয়োগ কৰিবলৈ নিৰ্দেশনা দিছিল আৰু মঙলদৈ জনস্বাস্থ্য কাৰিকৰী কাৰ্যলয়ে নিজ সৰাবাৰী ৰাইজক আৱগত কৰিছিল ৷ তেনে নিৰ্দেশনা অনুসৰি নিজ সৰাবাৰী গাওঁৰ ৰাইজ একত্ৰিত হৈ এখন গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰে আৰু সমিতিৰ জৰিয়তে এজন স্থানীয় ব্যক্তিক অৱৈতনিক ভাৱে নিয়োগ কৰিবলৈ সমিতিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু লগে লগে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সমিতি খনক নিজ সৰাবাৰী গাওখনত ঘৰুৱা পানী সংযোগ দিয়াৰ বাবে পৰামৰ্শ দিছিল ৷ সমিতিয়ে পৰামৰ্শ গ্ৰহন কৰি পানী টেপ সংযোগ দিয়াৰ ব্যৱস্থা গ্ৰহন কৰে ৷ নিজ সৰাবাৰীৰ পানী যোগান আচনিত অন্তভূক্ত হোৱা স্বত্বেও এই সকল নিজ সৰাবাৰী দক্ষিণ চুবুৰিৰ প্ৰায় ১০০ পৰিয়াল জল জীৱন আচনিৰ পৰা বঞ্চিত ৷ আজিও দক্ষিন চুবুৰিৰ লোকসকল ঘৰুৱা পানীৰ টেপ সংযোগ পোৱাৰ বাবে অপেক্ষাত ৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ঘৰে ঘৰে পানীৰ ব্যৱস্থাই হৱ বি জে পি চৰকাৰৰ এক মূলমন্ত্ৰ ৷ প্ৰধান মন্ত্ৰী মোদীয়ে যাতে জল জীৱন আছনিৰ জৰিয়তে আৰ্ছেনিক মুক্ত পানী জনসাধাৰণক ঘৰে ঘৰে যোগান ধৰিৱ পাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে ৷ এতিয়া প্ৰশ্ন হ’ল পুৰনি আচনিত অন্তভূক্ত হৈ থকা বা ঘৰুৱা পানীৰ সংযোগ থকা স্বত্বেও নিজ সৰাবাৰীৰ দক্ষিণ চুবুৰিৰ ১০০টা পৰিয়াল জল জীৱন আছনিৰ পৰা কিয় বঞ্চিত হ’ল ? চুবুৰিটোৰ লোকসকল পদূলিত ঠিয় দি আজিকোপতি পানীৰ পাইপৰ অপেক্ষাত ৷ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীক বাৰম্বাৰ জনোৱাৰ পিচতো নাই কোনো সহাৰি ৷ ইয়াৰ বাবে দায়ী কোন ? চৰাকৰ নে বিভাগীয় কৰ্তিপক্ষ ?

Related Articles