Breaking

ৰাজপথত নামাজ পঢ়ি থকা লোকক আৰক্ষীৰ থিয় গোৰ! প্ৰতিবাদৰ পিছত দিল্লীত নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক…

0 102

এক অদ্ভূত ঘটনা সংঘটিত হ’ল ৰাজধানী চহৰ নতুন দিল্লী। আৰক্ষীয়ে কিদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰে তাৰ পুনৰ এক প্ৰমাণ পোৱা গ’ল নতুন দিল্লীত। শুকুৰবাৰে দিল্লীৰ এটা ৰাজপথত বহুলোকে নামাজ পঢ়ি আছিল। সেই সময়ত কেইজনমান আৰক্ষীৰ লোক আহি ৰাজপথত নামাজ পঢ়া লোকসকলক সেই ঠাইৰ পৰা আঁতৰি যাবলৈ কয়। অভিযোগঅনুসৰি এজন আৰক্ষী বিষয়াই কিছুসংখ্যক লোকক গোৰ মাৰি আঁতৰাবলৈ চেষ্টা কৰিছিল। ঘটনাটোৰ ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে দিল্লী আৰক্ষীৰ অভিযুক্ত উপ-পৰিদৰ্শকজনক নিলম্বিত কৰা হৈছে। জানিব পৰা মতে দিল্লীৰ ইন্দ্ৰলোক অঞ্চলৰ এটা মছজিদত নামাজ আগবঢ়াবলৈ বৃহৎ সংখ্যক লোক সমবেত হৈছিল। অত্যধিক ভিৰৰ বাবে বহুলোকে মছজিদত নামাজ আগবঢ়োৱাৰ বাবে ঠাই বিচাৰি পোৱা নাছিল। গতিকে তেওঁলোকে ৰাস্তাৰ কাষত নামাজ পঢ়িবলৈ আৰম্ভ কৰিছিল। ফলস্বৰূপে, ৰাস্তাত যান-জঁটৰ সৃষ্টি হৈছিল। সেই সময়তে যান-বাহনৰ চলাচল নিয়মীয়া কৰিবলৈ সেই স্থানত আৰক্ষী উপস্থিত হয়। এজন আৰক্ষী বিষয়াই নামাজ পঢ়ি থকা এজন লোকক গোৰ মৰা ভিডিঅ’ত দেখা গৈছে। এই ঘটনাৰ পিছতে তাত উপস্থিত থকা লোকসকল উত্তেজিত হৈ পৰে আৰু অভিযুক্ত আৰক্ষীজনক খেদা মাৰি যায়।

তাত উপস্থিত একাংশ লোকে ঘটনাটোৰ ভিডিঅ’ ম’বাইলত বন্দী কৰিছিল। ৩৪ ছেকেণ্ডৰ ভিডিঅ’টোত এজন আৰক্ষী বিষয়াই আহি নামাজ পঢ়ি থকা বহি থকা এজন লোকক গোৰ মাৰি থকা দেখা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সকলোতে নিন্দাৰ ধুমুহা উঠিছে। বহুতে অভিযুক্তৰ কঠোৰ শাস্তি দাবী কৰিছিল। ঘটনাটোক গৰিহণা দি দিল্লীৰ কংগ্ৰেছ নেতাসকলে কয়, “এই ঘটনা অতি নিন্দনীয়। দিল্লী আৰক্ষীৰ এজন বিষয়াই ৰাস্তাত বহি নামাজ পঢ়া লোকক গোৰ মাৰিছে।ইয়াতকৈ বেছি লজ্জাজনক কি হ’ব পাৰে?” ঘটনাটোৰপিছত বহুলোকে ৰাজপথত প্ৰতিবাদ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীলৈ এটা বৃহৎ আৰক্ষী বাহিনী প্ৰেৰণ কৰা হৈছিল। দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়া এম.কে. মীনাই প্ৰকাশ কৰা মতে অভিযোগবোৰ ফঁহিয়াই চোৱা হৈছে। অভিযুক্ত বিষয়াজনক তাৎক্ষণিকভাবে নিলম্বিত কৰা হৈছে। যদি তেওঁ দোষী সাব্যস্ত হয় তেন্তে তেওঁৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave A Reply