দক্ষিণ শালমাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ৷ শক্তি মন্ত্ৰী প্ৰতিমূৰ্তি দাহ

বানপানীৰ পাছত এইবাৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক। প্ৰখৰ ৰ’দ আৰু গৰমৰ বাবে একপ্ৰকাৰ স্বাভাৱিক জীৱন যাত্ৰাও ব্যাহত হৈ পৰিছে । কিন্তু এনে এক পৰিস্থিতিৰ মাজতে বিদ্যুতৰ লুকা-ভাকুৱে সমস্যাত পেলাইছে ৰাজ্যবাসীক৷ বিশেষকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিদ্যুতৰ অনিয়মীয়া যোগানৰ বাবে ক্ষোভিত হৈ প্ৰতিবাদত নামিছে ছাত্ৰ সন্থাৰ লগতে সাধাৰণ ৰাইজ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ দক্ষিণ শালমাৰা টুমনি বজাৰত আজি দুপৰীয়া ভাগত দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগিতাত ৰাজ্যৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিদ্যুৎ বিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গো-বেক, মানকাচৰ বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ বিভাগৰ দুৰ্নীতি নচলিব আদি বিভিন্ন শ্লোগানেৰে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে৷


উল্লেখ্য যে, প্ৰায় এক মাহ পূৰ্বে বানপানীৰ সময়ত বিদ্যুতৰ খুটি ভাঙি পৰাত সম্পূৰ্ণৰূপে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিতহৈ আছে দক্ষিণ শালমাৰাবাসি ৰাইজ। বিদ্যুৎ যোগান নথকাৰ পিছত প্ৰতিজন গ্ৰাহকৰ নামত বিদ্যৎ বিল যোৱাত অধিক ক্ষোভিত হৈছে বিদ্যুৎ গ্ৰাহক সকল৷

৪৮ ঘণ্টাৰ ভিতৰত নিয়মিয়া বিদ্যুৎ যোগান নধৰিলে আৰু অধিক তীব্ৰতৰ ভাবে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰী সকলোৰ৷

Related Articles