Breaking

চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰাইজৰ উত্তাল প্ৰতিবাদ

0 50

চাপৰত ৰাইজৰ উত্তাল প্ৰতিবাদ। চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মূখত এই প্ৰতিবাদ । সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবি সাব্যস্ত কৰিলে প্ৰতিবাদ । শতাধিক পুৰুষ মহিলাই ওলাই আহিল সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰৰ বিপৰীতে চক্ৰ বিষয়াৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ।

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু বহলপুৰ গাঁও পঞ্চায়তৰ অধিনস্ত বহলপুৰৰ সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবীৰে চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মূখত শতাধিক ৰাইজে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে যোৱা ৭ ফেব্ৰুৱাৰি তাৰিখে উক্ত সুৰাৰ বিপনীখনৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত শতাধিক ৰাইজে বহলপুৰ গাঁও পঞ্চায়তৰ সন্মূখত এক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰিছিল আৰু সেই স্থানতে ৰাইজৰ লগত একমত হৈ পঞ্চায়ত সভাপতিয়ে অনুজ্ঞাপত্ৰ নিদিয়াৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল

কিন্তু ৰাইজে RTI তথ্য মতে গম পায় যে পঞ্চায়ত সভাপতিয়ে যোৱা ৮ ফেব্ৰুৱাৰি তাৰিখে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল।পঞ্চায়ত সভাপতিয়ে আৰু কেইজন মানক লগত লৈ এক মোটা অংকৰ বিনিময়ত অনুজ্ঞাপত্ৰ খন প্ৰদান কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Leave A Reply