Breaking

ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত ঝাওকুৰা গাঁৱত ৰাইজৰ উত্তাল প্ৰতিবাদ

0 1,075

ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। ঝাওকুৰা গাঁৱত এই প্ৰতিবাদ। নাবালিকা ধৰ্ষণকাৰী আব্দুল কাদেৰক ফাঁচিৰ দাবীত জাঙুৰ খাই উঠিল গাঁৱবাসী। ধৰ্ষণকাৰীৰ বিপক্ষে অৱস্থান গাওঁবাসীৰ । ধুবুৰী জিলাৰ চাপৰৰ দাঁতিকাষৰীয়া বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাওকুৰা গাওঁত যোৱা শনিবাৰে আব্দুল কাদেৰ নামৰ বৃদ্ধা এজনে ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি পলায়ন কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভত যোৱা দেওবাৰে যোগীঘোপা আৰক্ষী থানাত লম্পট বৃদ্ধা জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

ঘটনা বিষম দেখি লম্পট বৃদ্ধা গৰাকী নিজেই উক্ত আৰক্ষী থানাত আত্মসমর্পণ কৰা বুলি শুনিব পাৰি,ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি লম্পট আব্দুল কাদেৰক ফাঁচিৰ দাবীত জাঙুৰ খাই উঠিল গাঁওখনৰ ৰাইজে।

Leave A Reply