Breaking

ছয়গাঁৱৰ বামুণীগাঁৱত ৰাইজে মেৰামতি কৰিলে পথ

0 98

ছয়গাঁও সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ পথ বামুণীগাঁও জামবাৰী গৰৈমাৰী পথ ৷ পথটোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কামাখ্যা যোগীঘোপা ৰে’লপথৰ ওচৰলৈ পকীকৰণ হ’ল ৷ কিন্তু ৰে’লপথৰ পৰা প্ৰায় ৪০০ মিটাৰ এলেকা পকীকৰণ নহ’ল ৷ কিন্তু তাৰ পিচৰ গোটেই অংশ পকীকৰণ হৈছে ৷

কিন্তু মাজতে পকীকৰণৰ বাবে ৰৈ গ’ল প্ৰায় ৪৪ মিটাৰ এলেকা ৷ এই পথছোৱা পকীকৰণ কৰাৰ বাবে স্থানীয় ৰাইজ অৰ্থাৎ হলংজুলি আৰু নমল চৌধুৰীপাৰাৰ ৰাইজে গাঁও পঞ্চায়তকে ধৰি গড়কাপ্তানি বিভাগৰ ওচৰত অনুনয় বিননয় তথা লিখিত আবেদন কৰাৰ পিচতো ৰাইজৰ আবেদনৰ কোনো কাম নাহিল ৷

পথটো মেৰামতি নকৰাৰ ফলত একেবাৰে শোচনীয় হৈ পৰাত পথছোৱাৰে যাতাতয়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজ ৷ বিশেষকৈ ওচৰতে থকা বামুণীগাঁও হাইস্কুল আৰু মজলীয়া বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট আহুকালৰ সন্মুখীন হৈ আহিছে ৷ অৱশেষত স্থানীয় হলংজুলি আৰু নমত চৌধুৰীপাৰা গাঁৱৰ ৰাইজে লগ হৈ শুকুৰবাৰে নিজে পথটো মেৰামতিৰ কামত লাগি পৰে ৷

স্থানীয় ৰাইজে হাতে হাতে কোৰ পাচি আদি লৈ পথটো মেৰামতিৰ কামত নামি পৰে ৷ ৰাইজে প্ৰায় ৩ লাখ টকা খৰচ কৰি চেণ্ড গ্ৰেভেল আৰু বালি পেলাই পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলে ৷ উল্লেখযোগ্য যে বামুণীগাঁৱল সোমাজেৰে জামবাৰী গৰৈমাৰীলৈ যোৱা পথটোত ৰে’ল পথৰ তলৰ সুৰংগটো পানীত বুৰ যোৱাৰ ফলত হলংজুলি হৈ যোৱা পথটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ বৰ্তমান উক্ত পথটোৰে সকলো যান বাহন চলাচল হৈ আছে ৷ সেয়েহে স্থানীয় ৰাইজে অতিশীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷

Leave A Reply