Breaking

দুধনৈ সমষ্টিৰ বিভিন্ন প্ৰান্তত বিধ্বস্ত পথৰ বাবে ৰাইজৰ দুৰ্ভোগ

0 1,521

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধ্বস্ত পথৰ বাবে ৰাইজে দুৰ্ভোগ ভুগি অহাৰ সময়তে গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ জনজাতি বিধান সভা সমষ্টিৰ অন্তৰ্গত টিপলাই – গেৰুৱা সংযোগী পথটোৰ জৰাজীৰ্ণ ৰূপে সকলো শ্ৰেণীৰ পথাচাৰীকে জীয়াতু ভোগাইছে। দুধনৈ লোক-নিৰ্মাণ (পথ) উপ-সংমণ্ডলৰ অন্তৰ্গত তথা টিপলাই-গেৰুৱা সংযোগী পকী পথটোৰ বহু অংশ জৰাজীৰ্ণ হৈ পথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। যাৰ ফলত পথটোৰে যাতায়াত কৰা সকলো পথাচাৰী ভিষণ অসুবিধাৰ সন্মুখীন হ’বলগী হৈছে। পথটোৰ টিপলাই চাৰিআলি দৈনিক বজাৰৰ পৰা বৰপাথাৰ হৈ গেৰুৱা সংযোগী পথটো পকীকৰণ কৰাৰ কেইমাহমানৰ পিছতে বহু অংশত ব্লেক টেপিং এৰি গৈ পথটোৰ বহু অংশ জৰাজীৰ্ণ হৈ পৰে। উল্লেখ্য প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা পথটোৰ ম্যাদৰ সময় সীমাৰ ভিতৰত জৰাজীৰ্ণ হৈ পৰা বাবে পুনৰ জৰাজীৰ্ণ হৈ পৰা অংশ সমুহ সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে মেৰামতি কৰি দিয়ে যদিও পথটোৰ নিৰ্মাণৰ নিবিদা লাভ কৰা সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে নিম্নমানদণ্ডৰ কাম কৰা হেতুকে পথটো অতি কম দিনৰ ভিতৰতে জৰাজীৰ্ণ হৈ পৰাত যমৰ যাতনা ভুগিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । পথটো জৰাজীৰ্ণ হৈ পৰা বাবে ১০৮ সেৱাৰ বাহন সমুহ পথটোৰে আহিব নিবিচাৰে যাৰ ফলত মুমূৰ্ষু ৰোগীসকলক, প্ৰসূতিসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । আনহাতে বৰষুণ পৰিলেই বোকাময় হৈ পৰা পথটোত যি কোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। সেয়েহে পথছোৱা মেৰামতি কৰি দি বৃহত্তৰ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে স্থানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীক ৰাইজে দাবী জনাইছে ।

Leave A Reply