Breaking

“মানুহক কন্দুৱাই যোৱা মানুহবোৰেই আকৌ ডেটিং কৰে”-প্ৰাক্তন স্বামীৰ নতুন সম্পৰ্কৰ বিষয়ে মুকলিকৈ ক’লে সামান্থাই

0 122

দক্ষিণৰ তাৰকা সামান্থা ৰুথ প্ৰভু আৰু নগা চৈতন্যৰ আছিল এক অভিন্ন প্ৰেমৰ সম্পৰ্ক। এই তাৰকা দম্পতীয়ে প্ৰেমৰ পৰিণতিতে বিয়া হৈছিল। ২০১৭ চনত সম্পন্ন হৈছিল নগা চৈতন্য আৰু সামন্ত ৰুথ প্ৰভুৰ ৰাজকীয় বিবাহ। কিন্তু,  চাৰি বছৰৰ ভিতৰতে বৈবাহিক জীৱনৰ অন্ত পেলায় তাৰকা দম্পতীয়েহালে।

দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগ তোলপাৰ শোৱিতা ধুলিপালাৰ আৰু সামান্থাৰ প্ৰাক্তন স্বামী নগা চৈতন্যৰ প্ৰেমৰ গুঞ্জনত। ছমাহৰ বিচ্ছেদৰ অন্তত পুনৰ নতুন সম্পৰ্কৰ বাতৰি বিয়পি পৰিছে। এইবাৰ নগা চৈতন্য আৰু শোৱিতা ধুলিপালাৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ ক’লে সামান্থা ৰুথ প্ৰভুৱে।

সৰ্ব ভাৰতীয় এক সংবাদ মাধ্যমৰ আগত মুখ খুলিছে দক্ষিণৰ সুন্দৰী সামান্থা ৰুথ প্ৰভুৰ। প্ৰাক্তনৰ সম্পৰ্কৰ বিষয়ে সোধাত তেওঁ কয়, “মই একেবাৰেই চিন্তিত নহয় যে কোনে কাৰ লগত সম্পৰ্কত আছে। যিসকল মানুহে প্ৰেমৰ অৰ্থই বুজি নাপায়। মানুহক কন্দুৱাই যোৱা মানুহবোৰেই আকৌ ডেটিং কৰে।”

নগাৰ ওপৰত একপ্ৰকাৰ ক্ষুব্ধ সামান্থাই কয়, “অন্ততঃ সেই ছোৱালীজনী সুখী হওক। যদি তেওঁ নিজৰ আচৰণ সলনি কৰে। কোনো ছোৱালীকে যদি কষ্ট নিদিয়ে তেন্তে সেয়া সকলোৰে বাবে ভাল।”

Leave A Reply