দেৰগাঁৱৰ নাহৰণি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত হাঁহপানী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ ২০২২ উদযাপন…

আজি দেৰগাঁৱৰ নাহৰণি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে হাঁহপানী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত নাহৰণি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়,নাহৰণি খঙ্গীয়া প্ৰাথমিক বিদ্যালয়,বালিজান কাকতিবাৰী মজদুৰ প্ৰাথমিক বিদ্যালয়,বাহবাৰী মজদুৰ প্ৰাথমিক বিদ্যালয়,হাঁহপানী প্ৰাথমিক বিদ্যালয়,নাহৰডোঙা প্ৰাথমিক বিদ্যালয় আৰু হাঁহপানী মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত ৰাইজৰ উৎসৱ ২০২২ উদযাপন কৰা হয়।

এই উপলক্ষে পুৱা চাফাই অভিযান,গছপুলি ৰোপন,পতাকা উত্তোলন,বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা,ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা,স্থানীয় ৰাইজ,পৰিচালনা সমিতি তথা মাতৃগোটৰ সদস্য-সদস্যাৰ মাজত সংগীত চকী,ৰছী টনা প্ৰতিযোগিতা আদি প্ৰতিযোগিতাৰ পাছতেই এখনি মুকলি সভা অনুষ্ঠিত হয়।

বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক আয়ুব হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা খনত আদৰণি উদ্বোধন কৰে উত্তৰ শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ৰাজীৱ শৰ্মাই। নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ,সুবক্তা,কবি ভাস্কৰজ্যোতি বৰাই।

বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে শিক্ষক চিৰাজউল ইছলাম,চন্দ্ৰপ্ৰসাদ হাজৰিকা আৰু ৰঞ্জন বৰপূজাৰীয়ে। অনুষ্ঠানতো আঁতধৰে হাহঁপানী সমলকেন্দ্ৰৰ সমন্বয়ক বিতুল দাসে।

শলাগৰ শৰাই আগবঢ়াই নাহৰণি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জ্যোতিকা ৰাজখোৱাই।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Related Articles