Breaking

বকতা মাহখোৱাবাৰীত ৰাইজৰ উৎসৱ

0 60

শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষাখণ্ডৰ অধীনৰ বাখৰবেঙেনা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত আজি ৭১৬ নং মাহখোৱাবাৰী প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ-২০২২ উদযাপন কৰা হয়। ক্ষীপ্ৰ গতিত পৰিৱৰ্তিত বিশ্বৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰা এক মানৱীয় প্ৰমূল্যবোধযুক্ত নতুন প্রজন্ম সৃষ্টি কৰাৰ শিক্ষাৰ যি লক্ষ্য, সেই বিশেষ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে উদযাপন কৰা এই উৎসৱৰ লগত সংগতি ৰাখি বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, পতাকা উত্তোলন, সমূহীয়া প্ৰাৰ্থনা, বৃক্ষৰোপন আদি কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন প্ৰতিযোগিতা, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আদি অনুষ্ঠিত হৈ যায়।

ইয়াৰোপৰি অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে থাওৰাৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ নগৰ পানী যোগান আৰু পয় প্ৰণালী ব’ৰ্ডৰ অধ্যক্ষ কুশল দুৱৰী আৰু শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈ উপস্থিত থাকে।

Leave A Reply