Breaking

লাকুৱাৰ ৰজাবাৰী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন

0 26

শিৱসাগৰ জিলাৰ লাকুৱাৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত চাহ বাগিচাৰ ৰাইজক লগত লৈ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে উদযাপন কৰে ৰাইজৰ উৎসৱ৷ মূলত স্থানীয় অভিভাৱক আৰু ৰাইজক লগত লৈ বিদ্যালয়ৰ লগত এক সুসম্পৰ্ক গঢ়ৰ মানসেৰে অনুষ্ঠিত কৰা এই উৎসৱত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভা সমূহ বিকাশ কৰাৰ সুবিধা পায়৷

পথালিগড় সমল কেন্দ্ৰৰ অন্তৰ্গত ১২ খন বিদ্যালয়ৰ অংশগ্ৰহণণেৰে অনুষ্ঠিত কৰা ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷

ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানত সুন্দৰ গীত নৃত্য আদি প্ৰদৰ্শন কৰে৷ইয়াৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হয়৷৷

-দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply