সমগ্ৰ শিক্ষা নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ ডিফলু মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি দিনজোৰাকৈ তেলিয়া পহুকটাস্থিত ভাস্কৰ মজলীয়া বিদ্যালয়ত “ৰাইজৰ উৎসৱ”টি সম্পন্ন হয়। এই উপলক্ষে পুৱা ভাগত উদযাপন সমিতিৰ সভাপতি নজৰুল ইছলামে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে এই উৎসৱৰ অন্যতম আকৰ্ষণ ‘বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা’ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ বৰাই। ইয়াৰ অন্তত কেন্দ্ৰৰ অধীনস্থ আঠখন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, মুকলি কুইজ প্ৰতিযোগিতা আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া বঁটা বিতৰণীৰ লগতে মুকলি সভাখনি অনুষ্ঠিত হয়।

মুকলি সভাত সভাপতিত্ব কৰে ভাস্কৰ মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেবেন্দ্ৰ নাথ বৰাই। খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ সদ্য বদলিপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈক আজিৰ সভাত মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰিন্টু দাস, খণ্ড সমল ব্যক্তি ক্ৰমে মন্তুল কুমাৰ শৰ্মা, তৃষ্ণা শৰ্মা আৰু হেপ্পী বৰা, শিশুবন্ধু দুলাল বৰা, সমাজকৰ্মী দিলীপ বৰা, প্ৰাক্তন শিক্ষক প্ৰকাশ বৰা, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আদিৰ উপৰি কেন্দ্ৰৰ অধীনস্থ আটাইকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। সামগ্ৰিকভাৱে অনুষ্ঠানটিৰ আঁত ধৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নৱজ্যোতি মহন্তই।

