ধেমাজিত দুকুৰি বিদ্যালয়ৰ মাজত ‘ৰাইজৰ উৎসৱ’; শিক্ষক-ছাত্ৰ-ছাত্ৰী-অভিভাৱকৰ সমন্বয়ৰ চেষ্টা

ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ কাঞ্চনকোনা জনজাতি প্ৰাথমিক বিদ্যালয়ত দুকুৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় ‘ৰাইজৰ উৎসৱ’।

সমগ্ৰ শিক্ষাৰ ধেমাজি জিলাৰ উদ্যোগত আৰু বৰদলনি শিক্ষা খণ্ডৰ সহযোগত বৰবাম পূৱ, বৰবাম পশ্চিম, জয়ৰামপুৰ উত্তৰ আৰু দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ সহযোগত কাঞ্চনকোনা জনজাতি প্ৰাথমিক বিদ্যালয়ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই ‘ৰাইজৰ উৎসৱ’৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পাছতে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰা খনি উদ্ধোধন কৰে বি আৰ পি মুকুল সোঁত আৰু প্ৰণতি দেৱীয়ে।

অঞ্চলটোৰ বড়ো, হাজং, মিচিং,তিৱা, গোৰ্খা, কোঁচ, ৰাজবংশী, বানাই আদি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ সাজ-পাৰ পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। তাৰোপৰি বিহুদল আৰু প্ৰত্যেকখন বিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰ-ছাত্ৰী,বিদ্যালয় পৰিচালনা সমিতিয়ে এই শোভাযাত্ৰাত অংশ লয়। ইয়াৰ পিছতে অনুষ্ঠিতব্য খেল পথাৰত বিভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টিৰ প্ৰদৰ্শন হয়।

সমান্তৰালকৈ অভিভাৱক তথা মাতৃগোটৰ মাজত বিশাল ৰচীতনা আৰু চকীখেল খেলৰ লগতে বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰে।একেদৰে মণ্ডল  সমল কেন্দ্ৰৰ ব্যক্তি অপূৰ্ব চুতীয়াই আঁত ধৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ক্ৰীড়া, সাংস্কৃতিক আৰু সুকুমাৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। মঞ্চ উদ্ধোধন কৰে জয়ৰামপুৰ পঞ্চায়তৰ সভানেত্ৰী ৰীণা ব্ৰহ্ম মুছাহাৰীয়ে। মঞ্চত অনুষ্ঠিত মুকলি সভাখনি পৌৰহিত্য কৰে সমাজ কৰ্মী প্ৰভাত বৰ্মনে।

মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বৰদলনি শিক্ষা খণ্ডৰ খণ্ড মিছন সমন্বয়ক নিৰণ দত্ত‌ই। নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে আইজিএছ‌এছ এক স্বেচ্ছাসেৱী সংগঠনৰ প্ৰকল্প বিষয়া শ‌ইকীয়াই। শইকীয়াই চৰকাৰী বিদ্যালয়ৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সম্পৰ্কে উল্লেখ কৰে। একেদৰে বিদ্যালয়‌ পৰিচালনা সমিতিৰ ভূমিকা তথা আন্তঃগাথঁনিৰ কথা সদৰি কৰি বিদ্যালয় এখনৰ পাঠ্যপুথিৰ শিক্ষাৰ লগতে বৌদ্ধিক জাগৰণৰ প্ৰতি মনোনিবেশ কৰিবলৈ সকলো শ্ৰেণীকে আহ্বান জনায়।অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে বৰদলনি শিক্ষা খণ্ডৰ সহ: পৰিদৰ্শক বনমালী পেগু, বৰবাম গাঁও পঞ্চায়তৰ সভাপতি তপন সোণোৱাল, স্থানীয় নিতেন শ‌ইকীয়াই।

উক্ত অনুষ্ঠানত ভাগ লয় ক্ৰমে বৰবাম কছাৰী প্ৰাথমিক বিদ্যালয়, গৰুবন্ধা, বালিদিহিঙীয়া, ৬২১ নং বৰবিলা, বালিজান অভয়াপুৰ, মিলপুৰ, ২ নং শালমাৰী আদৰ্শ, শালমাৰী বালি, ৬৮৪ নং শালমাৰী, ২ নং শালমাৰী মিচিং, লাংভাং পাৰা জেনেৰেল, শালমাৰী চাৰিঘৰীয়া মিচিং, ১ নং বৈজেন্তীপুৰ,২ নং বৈজেন্তীপুৰ মধ্য ইংৰাজী, জয়ৰামপুৰ, ২ নং জয়ৰামপুৰ, শংকৰপুৰ, ধনশিৰি নলাতল, বাৰভূঞা, ২ নং বাৰভূঞা, পানবাৰী, পানবাৰী বড়ো, কাঞ্চনকোনা জনজাতি, শন্তপুৰ, কেঁচা কাঠনি, কেঁচা কাঠনি বড়ো, তৰাজান ধূণাগুৰি, তৰাজান ধূণাগুৰি মধ্য ইংৰাজী, ধূণাগুৰি ময়েঙ্গীয়া,লালুকীজান মাজগাও, কমলপুৰ, লালুকীজান ধৰ্মপুৰ, জয়ৰামপুৰ উচ্চ মাধ্যমিক, উত্তৰ বৰদলনি উচ্চ মাধ্যমিক, বৰবাম উচ্চ মাধ্যমিক বিদ্যালয় আদিয়ে অংশগ্ৰহণ কৰে।

Related Articles