Breaking

জালুকৰ আছে বহু উপকাৰী গুণ ,জানিলে আজিৰ পৰা গ্ৰহণ কৰিব আপুনি

0 81

১. ছালত কোনো ধৰণৰ ফোঁহা (Boil) ওলালে তাত জালুকৰ গুড়ি লগালে ফোঁহাটো বহি যায়। 

২.শৰীৰৰ বিষ – বেদনা (Body pain) আদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত জালুকৰ  উপকাৰিতা দেখা যায়। শৰীৰত বিষ হ’লে ভেদাইলতা পাতৰ বা ঠাৰিৰ ৰসৰ সৈতে জালুক গুৰি অলপ মিহলাই একেৰাহে দিনত দুবাৰকৈ তিনি – চাৰিদিনমান প্ৰায়ে খালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।

৪. নিমোনিয়া, পানীলগা, কাঁহ, শ্বাস ৰোগ আদিৰ বাবে জালুক (Black Pepper) উপকাৰী। এই ৰোগ সমূহ হ’লে এচামুচ মৌ লগত তিনিটা বা চাৰিটা জালুক  গুড়ি কৰি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে খালে এই ৰোগ সমূহৰ পৰা ৰেহাই পোৱা যায়। 

৫. মূৰ বিষৰ বাবে জালুকৰ  উপকাৰিতা লক্ষ্য কৰা যায়। এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা  যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰ বিষ দূৰ হয়।

৬. জালুক  ৰক্তচাপ ( blood pressure ) ৰোগত ভোগা লোকৰ বাবে উপকাৰী। ৰক্তচাপ ৰোগ থকা ব্যক্তি সকলে দিনত দুই – তিনিবাৰকৈ, চাৰি – পাঁচটা জালুকৰ সৈতে ১৫ নহ’লে ২০ টা মান খিচমিচ (Raisins) সেৱন কৰিব লাগে।

৭. চকুৰ দৃষ্টশক্তি বৃদ্ধিৰ বাবে জালুক (Black Pepper) উপকাৰী। এচামুচ   জালুকৰ  সৈতে অলপমান ঘিউ মিহলাই পুৱা আৰু গধূলি নিয়মীয়াকৈ সেৱন কৰিলে চকুৰ দৃষ্টি বাঢ়ে। 

Leave A Reply