Breaking

প্ৰয়াত সমীৰণ বৰদলৈক পেৰালিম্পিক এছ’চিয়েছনৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

0 550

পেৰালিম্পিক এছ’চিয়েছন অৱ আছামৰ সভাপতি সমীৰন বৰদলৈ যোৱা ৩০মে তাৰিখে মৃত্যু হয় ৷ প্ৰায়ত সভাপতি সমীৰন বৰদলৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি মহানগৰীৰ পল্টনবজাৰ স্হিত গ্ৰীন এন ক্লেভত এক শ্ৰদ্ধান্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ পেৰালিম্পিক এছ’চিয়েছনৰ দ্বাৰা আয়োজিত শ্ৰাদ্ধান্জলি অনুষ্ঠানত সমিতিৰ সাধাৰণ সম্পাদক ৰাজীব দেই উপস্থিত থাকি কয় যে তেখেত এগৰাকী ক্ৰীড়া সংগঠক আছিল ৷ বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত আছিল প্ৰয়াত সমীৰন বৰদলৈ ৷ অসমৰ এজন মুল্যবান পুত্ৰক হেৰুৱা বুলি সমিতিয়ে অনুভৱ কৰে বুলি ৰাজীব দেই উল্লেখ কৰে ৷ কাৰ্যকৰী সভাপতি ৰাজীব দাসে সভাপতি গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধান্জলি জ্ঞাপন কৰি কয় যে, সমীৰন বৰদলৈ মৃত্যু এটি যুগৰ অবসন ঘটালে ৷ আমাৰ সমিতি সদস্য সকল পিতৃহাৰা হ’ল বুলি দাসে কয় ৷ উল্লেখ্য যে সমিতিৰ বিষয়ববীয়া ক্ৰমে চন্দন বৰুৱা,বসন্ত নাৰায়ন,মানস মজুমদাৰ,হিমা ওজা দাস,বিকেশ মাহতো অমিত কুমাৰ সহ ভালেসংখ্যক ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত থাকি শ্ৰাদ্ধান্জলি জনায় ৷

Leave A Reply