গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত: দ্য ৱাৰিয়ৰ’ৰ প্ৰদৰ্শন; বঁটা প্ৰদান..

গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত: দ্য ৱাৰিয়ৰ’ৰ প্ৰদৰ্শন; বঁটা প্ৰদান
গোবাত অনুষ্ঠিত হোবা ৫৪ সংখ্যক আন্তর্জাতিক
চলচ্চিত্র মহোৎসৱৰ
ইণ্ডিয়ান পেনোৰমাত ২১ নবেম্বৰৰ সন্ধিয়া প্রদর্শিত হয় অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক, পার্থ সাৰথি মহন্তৰ এনিমেশ্যন ছবি ‘লাচিত : দ্যা বাৰিয়ৰ’। অসমীয়া জাতীয় জীৱনৰ শৌর্য-বীৰ্ষৰ প্রতীক মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক চুটি এনিমেশ্যন ছবি ‘লাচিত: দ্য বাৰিয়ৰ’-এ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন মহোৎসৱত সুনাম অর্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসব, ইণ্ডিয়াৰ নন ফিচাৰ শাখাত ‘লাচিত: দ্য বাৰিয়ৰৰে ৰাষ্ট্রীয় সম্মান লাভ কৰিছে।

পৰিচালক পার্থ সাৰথি মহন্ত আৰু প্রযোজক ইন্দ্রানী বৰুৱাই ২১ নৱেম্বৰত গোৱাৰ মহোৎসৱত উপস্থিত হৈ এই সন্মান গ্রহণ কৰে। শেহতীয়াকৈ বার্লিনত নিউবর্ন ছুটি ছবিৰ সমাৰোহলৈ নির্বাচিত হৈছে এই ছবিখন। চুটি ছবিখনৰ প্রযোজনা সাংস্কৃতিক কৰ্মী, সাহিত্যিক মীনা মহন্ত আৰু ইন্দ্রাণী বৰবাৰ। ছবিখনত ধাৰাভাষ্য প্রদান কৰিছে বিশিষ্ট শিক্ষাবিদ, প্রাক্তন উপাচার্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। সংগীত ৰূপম তালুকদাৰৰ।ইতিমধ্যে মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, চেন্নাইৰ উপৰিও জয়পুৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, নর্থ-ইষ্ট ইণ্ডিয়া ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল,

চম্বল ইণ্টাৰনেশ্বনেল ফিল্ম ফেস্টিভেল, ছাউথ এছিয়ান চর্ট ফিল্ম ফেষ্টিভেল, দিল্লী চর্ট ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, ইণ্ডো ফ্রান্স ইন্টাবনেশ্বনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত লাচিত প্রদর্শিত হৈ পুৰস্কৃত হৈছে। অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, একেধাৰে কবি, সাহিত্যিক , সাংস্কৃতিক কর্মী, অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও সুনাম অর্জন কৰা পাৰ্থ সাৰথি মহন্তই শৰাইঘাট যুদ্ধৰ মহানায়ক মহাবীৰ লাচিত বৰফুকনৰ জীবনৰ আধাৰত নিৰ্মাণ কৰা এনিমেশ্যন ছবি ‘লাচিত: দ্য বাৰিয়ৰ’-এ পুডুচেৰীত অনুষ্ঠিত ‘ইণ্ডো-ফ্রান্স আন্তঃবাষ্ট্রীয় ছবি মহোৎসব’ত শ্রেষ্ঠ এনিমেশ্যন চুটি ছবিৰ সন্মান লাভ কৰিছে।

Related Articles