দৈনন্দিন জীৱনত আমি কিছুমান এনেকুৱা ব্যক্তি লগ(Personality)পাওঁ যিবিলাকে আনক নিজৰ মতে চলাবলৈ চেষ্টা কৰে বা আনৰ ওপৰত নিজৰ আধিপত্য বজাই ৰাখিব বিচাৰে। অৰ্থাৎ তেওঁলোক খুব দমনশীল ব্যক্তিত্বৰ গৰাকী হয়। যাক আধিপত্যশীল বা দমনশীল ব্যক্তি বুলি কোৱা হয়। এনে ব্যক্তিৰ লগত চলিবলৈ কেতিয়াবা খুব সমস্যাৰ সন্মুখীন হʼব লগা হয়। কিয়নো তেওঁলোকে সদায় নিজে যেনেধৰণে চিন্তা কৰে বা যিধৰণে কাম কৰে আনেও সেইধৰণে কৰাতো বিচাৰে। কিন্তু তেওঁলোকে ভবাৰ দৰে সকলোৱে নাভাৱিবও পাৰে, বা কিছুমান ক্ষেত্ৰত তেওঁলোকে যিটো কৰে, আনে সেই কামটো বেলেগধৰণে কৰিও ভাল পাব পাৰে। তেওঁলোক আচলতে অতি দৃঢ় ব্যক্তিত্বৰ অধিকাৰী হয়, খুব আত্মবিশ্বাসীও হয়। কিন্তু কেতিয়াবা তেওঁলোকৰ সেই দৃঢ়তা আৰু সকলোকে নিয়ন্ত্ৰণ কৰিব বিচৰা স্বভাৱটোৱে আনক অসুবিধাত পেলাব পাৰে। তেওঁলোক অধিক আত্মবিশ্বাসী হয় কাৰণে তেওঁলোকে যিটো কৰে সেইটোৱে শুদ্ধ বুলি ভাবি লয় বা আনেও সেয়া মানি চলাতো বিচাৰে আৰু তেওঁলোকৰ মতে আনে নকৰিলে তেওঁলোকে কেতিয়াবা আক্ৰমণাত্মকো হৈ উঠে। কেতিয়াবা তেওঁলোকে মৌন হৈ আক্ৰমণ কৰে আৰু কেতিয়াবা খুব চিঞঁৰ-বাখৰ কৰি, নিজৰ ওপৰত আঘাত কৰি, বস্তু-বাহিনী ভাঙি, গালি-গালাজ কৰি আনক আঘাত কৰে। তেওঁলোকৰ নিজৰ মাজত থকা দূৰ্বলতাখিনি আনৰ গাত জাপি দিয়াৰ প্ৰয়াস কৰে। যেতিয়া তেওঁৰ বিষয়ে আপুনি বুজি পোৱা বুলি গʼম পায়, তেতিয়া তেওঁলোকে নিজক বচাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। আপোনাক ভুল প্ৰমাণিত কৰিবলৈ বা দোষী অনুভৱ কৰাবলৈ আপোনাৰ ওচৰত খুব মিঠা ব্যৱহাৰ কৰিব। যেন আপোনাৰ বহুত যত্ন লয়, আপোনাক বহুত মৰম কৰে। কিন্তু সেইখিনিতে আমি বুজিব লাগিব যে মানুহে হঠাতে ইমান বেছি সলনি কেতিয়াও হʼব নোৱাৰে। সেয়া আপোনাৰ সন্মুখত কৰা তেওঁৰ অভিনয়হে। এনে ব্যক্তিয়ে প্ৰয়োজনত আপোনাৰ ওচৰত কান্দিও দেখুৱায় আৰু নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰে। তেওঁলোকে আনৰ চিন্তা-ধাৰাক গুৰুত্ব নিদিয়ে বা আনৰ মতামতক আওকাণ কৰিব বিচাৰে, সদায় নিজৰটোতে দৃঢ় থাকে। ফলত তেওঁলোকৰ লগত চলাতো বহুত জটিল হৈ পৰে। কিন্তু যেতিয়া আমাৰ পৰিয়ালতেই খুব আপোন কোনোবা তেনে ব্যক্তি থাকে, যাক আমি এৰাই চলিব নোৱাৰোঁ তেতিয়া সমস্যা আৰু অধিক জটিল হৈ পৰে। তেনে পৰিস্থিতিত আমি মানসিকভাৱে অধিক ধৈৰ্য্যশীল হোৱাতো খুবেই জৰুৰী হৈ পৰে। কেতিয়াবা তেনে ব্যক্তিয়ে আপোনাৰ ওচৰত আনৰ খুব প্ৰশংসা কৰিব আৰু কেতিয়াবা খুব বদনাম। আনৰ খুব প্ৰশংসা কৰা মানে আমি বুজিব লাগিব যে তেওঁ আমাক দেখুৱাব বিচাৰে তেওঁ আচলতে আনৰ লগত খুব ভালকৈ চলে, কিন্তু আপোনাৰ লগতহে চলিব নোৱাৰে। আকৌ যেতিয়া আনৰ বদনাম কৰে আপোনাৰ ওচৰত, তেতিয়া বুজা উচিত তেওঁ প্ৰকৃততে আপোনাক আনৰপৰা দূৰ কৰিব বিচাৰে। তেওঁলোকৰ এনে ধৰণৰ চালাকিবোৰ আমি বুজি পাব লাগিব, নহʼলে বিপদ আমাৰে হʼব। তেওঁলোকৰ লগত চলিবলৈ কিছুমান কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উচিত। প্ৰথম কথা, আমি তেওঁলোকৰ লগত কথা পতাৰ সময়ত শান্ত থকা উচিত। তেওঁলোকৰ কিবা কথাত যদি আমাৰ খং উঠে বা আমি তেওঁৰ কথাত একমত হʼব নোৱাৰোঁ, তেতিয়াও আমি খং প্ৰকাশ নকৰি তেওঁৰ সন্মুখত নিজৰ কথাখিনি খুব ধীৰ-স্থিৰভাৱে ব্যক্ত কৰা উচিত আৰু তেনে ব্যক্তিক কোনোধৰণৰ স্পষ্ট উত্তৰ নিদি ওলোটাই দোমোজাত পেলোৱা উচিত। তাকে নকৰি যদি পোনচাটে তেওঁক উত্তৰ দিবলৈ যাওঁ তেতিয়া কাজিয়াৰহে সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক। তেওঁলোকে যেতিয়া আপোনাৰ প্ৰতিটো কথাত খুঁট উলিয়াবলৈ চেষ্টা কৰে আৰু তেওঁৰ প্ৰতিটো কামত আপুনি তেওঁক অনুসৰণ কৰাতো বিচাৰে, তেতিয়া আমি বুজিব লাগিব আচলতে কোনটো ভাল আৰু কোনটো বেয়া। তাকে নকৰি যদি প্ৰতিটো কথাই চকু মুদি পালন কৰিবলৈ লওঁ, পৰিস্থিতি অধিক বেয়াহে হʼব। তেনে পৰিস্থিতিত আমাৰ আত্মবিশ্বাসো হ্ৰাস পাবলৈ ধৰে। তাৰপৰা আমাৰ মানসিক শান্তি ভংগ হৈ যাব। সেয়ে তেওঁৰ প্ৰতিটো কথাই পালন কৰাতো বিপজ্জনক হʼব পাৰে। কোনটো কথা মনা উচিত আৰু কোনটো মানিলে আমাৰ ক্ষতি হʼব সেয়া নিজেই বিবেচনা কৰা উচিত। যেতিয়া তেওঁলোকে আমাক আঘাত কৰাৰ চেষ্টা কৰে, তেতিয়া তেওঁৰ সন্মুখত এনে দেখুওৱা উচিত যেন সেইবোৰৰ আমাৰ ওপৰত একো প্ৰভাৱেই নপৰে। এইখিনিতে আৰু এটা কথা কওঁ যে যিসকল ব্যক্তি নিজেই দমনশীল প্ৰকৃতিৰ হয় তেওঁলোকে নিজকে চিনি পোৱা উচিত আৰু আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণত সীমাৱদ্ধতা ৰখা উচিত, লগতে আনৰ চিন্তা-ধাৰা আৰু অনুভূতিকো সন্মান কৰা উচিত। এনে ব্যক্তিও ইচ্ছা কৰিলে বহুখিনি সলনি হʼব পাৰে, কিন্তু তাৰ বাবে তেওঁ নিজেই মানি লʼব লাগিব, তেওঁ যে এগৰাকী দমনী ব্যক্তি।