Breaking

পেট্ৰল-ডিজেল, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

0 2,042

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱা অঞ্চলত থকা তিনিটাকৈ পেট্ৰল পাম্পত আজি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছে পেট্ৰল-ডিজেল,ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বৰতলা,জয়সাগৰ আৰু মুকালমুৱা সাপকাতাত থকা পেট্ৰল পাম্প সমুহত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে পিয়াজৰ মালা, কান্ধত চিলিণ্ডাৰ আৰু মিঠাতেলৰ বটল ওলোমাই লৈ চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোডী হায়-হায়, সৰ্বানন্দ সোণাৱাল হায়-হায়, পেট্ৰল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰৰ হিটলাৰি শাসন নচলিব, বিজেপি চৰকাৰৰ একনায়কত্ববাদ বন্ধ কৰক ইত্যাদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ যোগাযোগ বিভাগৰ সদস্য দিগন্ত বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক খাইৰুল হ’ক চৌধুৰী, নলবাৰী জিলা কংগ্ৰেছৰ মুখপাত্ৰ চুলেইমান আলী, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ সভাপতি ওচমান গণি আহমেদ, উপ সভাপতি দিলোৱাৰ হুছেইন শইকীয়া, ইয়ং বিগ্ৰেড অসমৰ সাধাৰণ সম্পাদক ৰাণা আহমেদ, জয়সাগৰ-বৰতলা মণ্ডল কংগ্ৰেছৰ সভাপতি আনন্দ বৰ্মনসহ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহন কৰে ৷

Leave A Reply