Breaking

মৰিগাঁৱত পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যন গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন

0 110

চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ ক্ষেত্ৰত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যন কৰ্তৃপক্ষই মৰিগাঁও নগৰস্থিত মৰিগাঁও সেৱাশ্ৰম অতিথি শালাত দিনযোৰাকৈ অনুষ্ঠিত কৰে বিনামূলীয়া স্বাস্থ্য শিৱিৰ।

বিশেষকৈ পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নিত্যানন্দ শৰ্মা আৰু ডাঃ প্ৰফুল্ল চন্দ্ৰ ডেকাৰ নেতৃত্বত ৰক্তচাপ, মধুমেহ, দৃষ্টি ,তেজ ,কেটাৰেক্ট ,ফিজিওথেৰাপী মূল্যাংকন আৰু পৰামৰ্শ, সাধাৰণ স্বাস্থ্য আদি পৰীক্ষা কৰি ৰোগ অনুসৰি ঔষধ বিতৰণ কৰা পৰিলক্ষিত হয়।

সজাগতা মূলকভাৱে অনুষ্ঠিত কৰা বিনামূলীয়া স্বাস্থ্য শিৱিৰটিত প্ৰায় দুই শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰাই।

পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ ফিজিঅ’থেৰাপী,নাৰ্চিং আৰু পেৰামেডিকেল চাইন্সৰ মেডিকেল লেবৰটৰী টেকন’লজি,অপ্ট’মেট্ৰিক আৰু অপাৰেশ্যন থিয়েটাৰ টেকন’লজি বিভাগৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে শিবিৰটিত ভাগ লোৱা দেখা যায়।

Leave A Reply