Breaking

৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…

0 17

অহা ৭ মে’ত অনুষ্ঠিত হ’ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান। পিছপৰি ৰোৱা নাই শাসনাধিষ্ঠিত বিজেপি মিত্ৰদল অগপ আৰু ইউপিপিএলো। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীৰ সমর্থনত বুধবাৰে সমষ্টিটোৰ অন্তৰ্গত সৰভোগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন বিশাল নিবাচনী সভা সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে এইবেলি ফণীভূষণ চৌধুৰীয়ে অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলি ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচনৰ কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল, উজ্বলা গেছৰ সুবিধা, আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰাৰ লগতে আগন্তুক সময়ত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাক অৰুণোদয় দিয়া হ’ব বুলি উল্লেখ কৰে।

তেওঁ কয় যে এই অৰুণোদয়ৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই মাহিলী ১২,৫০ টকাকৈ লাভ কৰিব। তেওঁ আৰু কয় যে ফণীভূষণ চৌধুৰীৰ নেতৃত্বত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাক অৰুণোদয় দিয়াৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ’ব। প্ৰথমে অৰুণোদয় লাভ কৰা মহিলাসকলে ৮৪০ টকা লাভ কৰিছিল, এই ধন ১৯ লাখ মহিলাই লাভ কৰিছিল। ইয়াৰ পিছত এই ধন বৃদ্ধি হৈ ১২৫০ টকা হ’ল আৰু অৰুণোদয় লাভ কৰা মহিলাৰ সংখ্যা বৰ্তমান ২৭ লাখলৈ বৃদ্ধি হ’ল।

তেওঁ কয় যে এইবাৰ আমি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় দিম। সভাত তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি বাইদেউ কৰাৰ বাবে প্ৰথম বছৰত ১০ হাজাৰকৈ টকা দিয়াৰ কথা উল্লেখ কৰে আৰু এই ধন আগষ্ট মাহৰ ভিতৰত প্ৰত্যকৰে বেংক একাউণ্ট যোগে এই ধন দিয়া হ’ব তেওঁ বুলি কয়। ইয়াৰ পিছৰ বছৰত ২৫ হাজাৰ টকাকৈ মহিলাসকলে লাভ কৰিব বুলি তেওঁ কয়। আনহাতে, পুৰুষসকলৰ বাবেও চৰকাৰে আঁচনি অনাৰ কথা উল্লেখ কৰি প্ৰতিটো পৰিয়ালৰ মুৰব্বী ব্যক্তিক প্ৰধানমন্ত্ৰী জীৱন বীমা আঁচনি আৰু প্ৰধানমন্ত্ৰী দুৰ্ঘটনা বীমা আঁচনিৰ জৰিয়তে একোটাকৈ জীৱন বীমা আৰু দুৰ্ঘটনা বীমা কৰি দিয়াৰ কথাও উল্লেখ কৰে যাৰ প্ৰিমিয়াম অসম চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়। আনহাতে, ল’ৰাৰ দায়িত্ব মাক-বাপেকে আৰু ছোৱালীৰ দায়িত্ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা মামাই ল’ব বুলি মন্ত্ৰীগৰাকীয়ে সভাত মন্তব্য কৰে। তেওঁ কয় যে ছোৱালীসকলক আমি চাইকেল দিওঁ, স্কুটী দিওঁ, কিতাপ দিওঁ, ফ্ৰী এডমিচন দিওঁ- এইবিলাকতো দিয়ে আছো। ইয়াৰ উপৰি নিযুত মইনা আঁচনিৰ জৰিয়তে যিবিলাক ছোৱালীয়ে মেট্ৰিক পাছ কৰি উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিব তেওঁলোকক ১০ হাজাৰ টকা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্নাতকত যিসকলে নামভৰ্তি কৰিব তেওঁলোকক ১২,৫০০ টকা আৰু যিসকলে স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত এডমিচন ল’ব তেওঁলোকক ২৫ হাজাৰ টকা দিয়াৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে।


ভাষণত মন্ত্ৰীগৰাকীয়ে ১ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে এটা সময়ত অৰ্থাৎ কংগ্ৰেছৰ দিনত সাধাৰণ চাকৰি এটাৰ বাবে টকা দিব লাগিছিল, টকা দিলেহে চাকৰি পাইছিল। কিন্তু আজি সেই পৰিৱেশ নাই, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটকাও নিদিয়াকৈ চাকৰি পোৱাৰ পৰিৱেশ হ’ল। দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীয়ে আজি মেধাৰ ভিত্তিত চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে এইসমূহ সুবিধা লাভ কৰিবলৈ হ’লে, সুন্দৰভাৱে কামসূহ কৰিবলৈ হ’লে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰিবই লাগিব বুলি তেওঁ মন্তব্য কৰে।


সৰভোগত অনুষ্ঠিত আন এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূঁয়সী প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ১০ বছৰ পূৰ্বে ভাৰতবৰ্ষত বহুকেইজন প্ৰধানমন্ত্ৰী আছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে আমাক গৌৰাৱান্বিত কৰিব পৰা নাছিল। আগতে প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীক আমি টিভিত বিচাৰি থাকিব লাগিছিল। টিভিত দেখিবলৈ পোৱা নগৈছিল।


প্ৰধানমন্ত্ৰীগাৰীয়ে কোনো গুৰুত্বই পোৱা নাছিল। কিন্তু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা, লণ্ডন, জাৰ্মানী, ৰাছিয়া য’লৈকে নাযাওক কিয়, তেওঁ সকলোতকৈ আগত জিলিকি থাকে আৰু আমি ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বুকুত আজি গোটেই ভাৰতবৰ্ষখনক উজলাই তুলিছে। তেওঁ আৰু কয় যে দুশ বছৰ শাসন কৰা ব্ৰিটিছক পিছ পেলাই ভাৰত আজি বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হৈছে। এয়া সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে। তেওঁ আৰু কয় যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চীনক পিছ পেলাই ভাৰতক কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰিব পাৰি, তাৰ বাবে আমি কাম কৰিব লাগিব।


মন্ত্ৰীগৰাকীয়ে সৰভোগৰ বিশাল জনসভাত ভাষণ দাঙি ধৰি কয় যে বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া। গতিকে তেওঁ সভাত উপস্থিত সকলোকে হাতীৰ ছবিত ভোট দি বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

Leave A Reply