২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma

১১ জুনঃ Phanindranath Sharma । ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে নানান ৰাজনৈতিক সমীকৰণ। তেনে ৰাজনৈতিক সমীকৰণ বিজেপিৰ ভিতৰ চৰাতো আৰম্ভ হোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হব পাৰে দলৰ এগৰাকী নিষ্ঠাবান নেতা। তেওঁ হৈছে ফণী শৰ্মা।

ফণী শৰ্মাই ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰাৰ বাবে দিল্লীত দলৰ অসমৰ পৰা নিৰ্বাচিত সাংসদসকল লগ ধৰি থকা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। উল্লেখ্য ফণীন্দ্ৰনাথ শৰ্মাৰ বিজেপি দলত ভালেখিনি অৱদান আছে। ২০১৪, ২০১৬, ২০১৯ আৰু ২০২১ বৰ্ষৰ অসমৰ লোকসভা আৰু বিধানসভা নিৰ্বাচন তথা ২০২৪ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত তেওঁ দক্ষতাৰে দলৰ বাবে কাম কৰিছিল। সেয়ে বিজেপিৰ গুডবুকত ফণীন্দ্ৰনাথ শৰ্মাৰ নাম উজ্জ্বল আখৰেৰে লিখা ৰৈছে বুলিও সূত্ৰটোৱে কয়। ফণীন্দ্ৰনাথ শৰ্মাই শেহতীয়াকৈ হাৰিয়ানাৰ বাবে বিজেপিৰ মিছন ২০২৪ সফলতাৰে সম্পন্ন কৰিছে। হাৰিয়ানাত ঐতিহাসিক হেট্ৰিকত উপনীত হোৱাত আৰ এছ এছ-বিজেপিৰ এই অভিযানৰ সৈতে ফনীন্দ্ৰনাথ শৰ্মা ওতঃপ্ৰোতভাৱে জড়িত আছিল।

বিজেপিৰ তদানীন্তন অসম ৰাজ্যিক সংগঠন সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাক হাৰিয়ানাত দলৰ নিৰ্বাচনী কামৰ দায়িত্ব ল’বলৈ আৰু ৰাজ্যখনত দলৰ শিপা শক্তিশালী কৰিবলৈ কোৱা হৈছিল।বিজেপিৰ হাৰিয়ানাৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ফনীন্দ্ৰনাথ শৰ্মাই নিৰ্বাচনৰ কেইমাহমান পূৰ্বে কংগ্ৰেছে শক্তিশালী ৰূপত অৱতীৰ্ণ হব বিচৰা ৰাজ্যখনত দলৰ প্ৰচাৰক আগুৱাই নিয়াত অগ্ৰণী ভূমিকা পালন কৰিছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সেয়ে শৰ্মাই অসমৰ ৰাজনীতিৰ সৈতেও সক্ৰিয়ভাবে জড়িত হোৱাটো বিচাৰিছে দলৰেই একাংশই। উল্লেখ্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ নিৰ্দেশমৰ্মে হাৰিয়ানাৰ ৬ হাজাৰ গাঁৱত ১৬ হাজাৰ সভা অনুষ্ঠিত কৰি ঘৰে ঘৰে প্ৰচাৰ চলাইছিল শৰ্মাই। ফনীন্দ্ৰনাথ শৰ্মাৰ তেনে নিৰলস প্ৰচেষ্টাৰ সুফল বিজেপিয়ে লাভ কৰিছিল। সেয়ে অসমৰ ৰাজনীতিতো এতিয়া ফণীন্দ্ৰনাথ শৰ্মাক বহুতে বিচৰা বুলি বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰিছে। যদি সূ্ত্ৰটোৱে কৰা দাবী বাস্তৱত পৰিণত হয় তেন্তে অসমৰ ৰাইজে হয়তো ২০২৬ৰ নিৰ্বাচনত গেৰুৱা শিবিৰত নতুন মুখ দেখিবলৈ পাব।

Related Articles