মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

Pijush Hazarika । ক্ষেত্ৰীৰ টোপাতলীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ট্ৰাকচালকজনক উদ্ধাৰ কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰীকা

ঘটনাৰ বিৱৰণ মতে, মন্ত্ৰী হাজৰীকা নিজ খুড়াকৰ শেষকৃত্য আঁহতগুৰিত সম্পন্ন কৰি গুৱাহাটীলৈ ঘূৰি আহি থকা সময়তে পথত সংঘটিত এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰে। এজন দায়িত্বশীল ৰাজহুৱা প্ৰতিনিধি হিচাপে তেওঁ নিজ কনভয় ৰখাই আহত চালকজনক উদ্ধাৰৰ বাবে তৎপৰ হয়।

ৰৈ থকা এখন বালিভৰ্তি ডাম্পাৰত খুন্দ খায় আন এখন ট্ৰাক, যাৰ ফলত চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
মন্ত্ৰী হাজৰীকাই অতি দ্ৰুতভাৱে উদ্ধাৰ কাৰ্যত সহায় কৰি আহতজনক প্ৰাথমিক চিকিৎসাৰ বাবে সোণাপুৰ হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰৰ সম্পূৰ্ণ ব্যৱস্থা নিজে পৰ্যবেক্ষণ কৰে আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণৰো নিৰ্দেশ দিয়ে।

এই ঘটনাই মন্ত্ৰী হাজৰীকাৰ দয়ালু আৰু দায়িত্বশীল চৰিত্ৰৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছে, যি ৰাইজৰ মাজত প্ৰশংসা আৰু কৃতজ্ঞতাৰ অনুভৱ সৃষ্টি কৰিছে।

Related Articles