গোৱালপাৰাত মহাত্মা (Pijush Hazarika) গান্ধীৰ প্ৰতিমূৰ্ত্তি উন্মোচন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। গোৱালপাৰা চহৰৰ বিওচিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি উম্মোচন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই, মন্ত্ৰী হাজৰিকাৰ লগত সংগ দিয়ে মন্ত্ৰী বিমল বৰাই। চহৰৰ বিওচিত প্ৰতিমূৰ্ত্তি উম্মোচন কৰি জনসংযোগ মন্ত্ৰী হাজৰিকাই কয় যে “আজি আমাৰ বাবে শুভ দিন কিয়নো যিগৰাকী ব্যক্তিৰ নেতৃত্বত দেশ স্বাধীন হৈছিল আৰু সেই গৰাকী ব্যক্তিৰ প্ৰতিমূৰ্ত্তি আমাৰ নিচিনা সৰু মানুহে উম্মোচন কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ধুবুৰী ভ্ৰমণ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় “আমি ভাবিছিলো প্ৰিয়ংকা গান্ধী উজনি অসমলৈ আহিব কিন্তু নাহে কাৰণ সাহস নাই কাৰণ তাত মানুহ গোট নাখাব, তেখেত সকলে ধুবুৰী – গোৱালপাৰাত আহিব। কিন্তু এতিয়া লাহে লাহে গোৱালপাৰা ধুবুৰীত আমাৰ জয়জয় কাৰ।
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে গোৱালপাৰা পৌৰসভাৰ পৌৰপতি মহানন্দ পাঠক, জিলা বিজেপিৰ সভাপতি দিপাংক কুমাৰ নাথ, অগপ নেতা আব্দুৰ ৰহিম জিব্ৰান, APDCL ৰ সঞ্চালক প্ৰকাশ কাশ্যপ।

