‘জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব’ । pijush hazarika

pijush hazarika । ‘জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব’‘দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব’ । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ গুৰুত্বপূৰ্ণ মন্তব্য

জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷- অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ৷

মন্ত্ৰীগৰাকীয়ে তদন্ত প্ৰক্ৰিয়া লেহমীয়া হ’ব নোৱাৰে বুলি দৃঢ়তাৰে উল্লেখ কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ দিনটোত প্ৰায় ৪-৫ বাৰ কথা পাতে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক সকলো জনায় বুলি কয়৷ তেওঁ কয় যে তদন্ত প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে৷ এনেকুৱা ডাঙৰ ঘটনাৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ সময় লাগে৷

তদন্ত প্ৰক্ৰিয়া ১৫-২০ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়৷ জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷

Related Articles