Pijush Hazarika: কিয় কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল মন্ত্ৰী পীয়ূষ হাজৰিকাই ? সামাজিক মাধ্যমত প্ৰকাশ কৰিলে প্ৰকৃত সত্য…

এটা সময়ত অসমত কংগ্ৰেছৰ প্ৰভাৱশালী (Pijush Hazarika) নেতা হিচাবে পৰিচিত মন্ত্ৰী পিযুষ হাজৰিকাৰ কিয় কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছিল? কিয় তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল। এই সকলো কথাৰ প্ৰকৃত কাৰণ আজি মন্ত্ৰী হাজৰিকাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ৰাইজক অৱগত কৰে। সামাজিক মাধ্যমৰ পোষ্টটোত মন্ত্ৰী পিযুষ হাজৰিকাই লিখিছে-বৰ্তমান কংগ্ৰেছ দলৰ মুধাফুটা নেতাসকলে হয়তো এটা কথা পাহৰিলে— এটা সময় আহিছিল, যেতিয়া বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি শ্ৰী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই অসমলৈ আহি এজন এজনকৈ সেই সময়ৰ ৭৮ জন কংগ্ৰেছী বিধায়কৰ পৰা মুখ্যমন্ত্ৰী কোন হোৱাটো উচিত, সেই সন্দৰ্ভত মতামত গ্ৰহণ কৰিছিল। ইয়াৰে ৫৪ জন বিধায়কে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল। সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সমৰ্থন জনাইছিল মাত্ৰ ১২ জনে আৰু বাকীকেইগৰাকী আছিল নিৰপেক্ষ।


কিন্তু ইমানখিনি সমৰ্থন লাভ কৰাৰ পাছতো ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী নাপাতিলে কংগ্ৰেছ দলে। মাথোঁ ১২ গৰাকী বিধায়কৰ সমৰ্থনত সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীক পদত বাহাল ৰখাৰ প্ৰতিবাদস্বৰূপে আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৫৪ গৰাকী বিধায়কৰ সমৰ্থন থকা আমাৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰা অপমানৰ প্ৰতিবাদত আমি কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিলোঁ। বৰ্তমানৰ কংগ্ৰেছৰ বিয়াগোম নেতাসকলে এয়া জনা উচিত।অৱশ্যে আজি আমি গৌৰৱেৰে কওঁ যে বাংলাদেশীক সমৰ্থন কৰা, অবৈধ অনুপ্ৰৱেশকাৰী, বেদখলকাৰীৰ প্ৰিয়ভাজন কংগ্ৰেছ দলটোৰ আমি সদস্য নহয়। নিজৰ দলৰ মাজতে গণতান্ত্ৰিক প্ৰমূল্যবোধক প্ৰতি মুহুৰ্ততে নস্যাৎ কৰি থকা, একেটা ৰাজপৰিয়ালৰ নেতৃত্বতে দশক দশক ধৰি চলি থকা কংগ্ৰেছ দলটোৱে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক ব্যৱস্থাটোক উপহাস কৰাৰ বাহিৰে আন একোকে কৰিব নোৱাৰে!অসমৰ বৰ্তমানৰ কংগ্ৰেছী নেতাসকলক আমি সগৌৰৱেৰে জনাওঁ যে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ হকে আমি অহৰহ কাম কৰি আছোঁ, কৰি যাম।

Related Articles