সামাজিক মাধ্যমত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা বিশেষ পোষ্ট। (Pijush Hazarika) পোষ্টটো কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক উদ্দেশি দিছে। গৌৰৱ গগৈক পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে-
‘মাননীয় সাংসদ শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া,
আজি এটা বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিব বিচাৰিছোঁ– পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক যাত্ৰাৰ সূচনা কৰিব বিচাৰিলে, যোৰহাটৰ পৰা নহয়, ধুবুৰীৰ পৰা আৰম্ভ কৰিলে অধিক ভাল ফলাফল লাভ কৰিব। আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত প্ৰথমখন সভাত মাত্ৰ ৫০০ লোকৰ উপস্থিতি দেখিবলৈ পালোঁ। মোৰ বিশ্লেষণ অনুসৰি, আগন্তুক দিনবোৰত আপোনাৰ সভাত উপস্থিত থাকিব পৰা লোকৰ আনুমানিক পৰিসংখ্যা আগবঢ়াইছোঁ, অলপ ইফাল-সিফাল হ’বও পাৰে:
• নগাঁও: ৫,০০০
• বৰপেটা: ১০,০০০
• ধুবুৰী: ৫০,০০০
গতিকে ভৱিষ্যতৰ ৰাজনৈতিক সভাসমূহ ধুবুৰীৰ পৰা আৰম্ভ কৰি ক্ৰমে সেই বিশেষ স্থানসমূহ সামৰি পৰিকল্পনা এটা কৰিব পাৰে। নিশ্চয় সুফল পাব বুলি আশা কৰিছোঁ। মোক ধন্যবাদ নিদিলেও হ’ব।’