পাইলট প্ৰশিক্ষণৰ বাবে সাজু হৈছে লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ ৷ শুকুৰবাৰৰ পৰা লীলাবাৰীত বিমানৰ পাইলত প্ৰশিক্ষণ একাডেমিৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত অহা ১২ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে ৷ উল্লেখ্য যে, Red birid flight training Academy ৰ উদ্যোগত লীলাবাৰীত বিমান চলোৱাৰ পাইলত প্ৰশিক্ষণ দিয়া হ’ব ৷
উত্তৰ পূবৰ ছাত্ৰছাত্ৰীৰ সুবিধাৰ্থে এই ফ্লাইট ট্ৰেইনিং একাডেমি ৰেড বাৰ্ড ফ্লাইটৰ বেনাৰত আৰম্ভ কৰা হৈছে ৷ ইতিমধ্যে একাডেমি খনত উত্তৰ পূৱৰ বহু মেধাৱী ছাত্ৰছাত্ৰীয়ে পাইলত প্ৰশিক্ষণ অৰ্থাৎ বিমান চলোৱাৰ শিক্ষা ল’বলৈ নামভৰ্তি কৰিছে ৷
ইতিমধ্যে প্ৰশিক্ষণ দিয়াৰ বাবে মহাৰাষ্ট্ৰৰ পূণেৰ পৰা ৰেড বাৰ্ডৰ দুখন ফ্লাইট লখিমপুৰত উপস্থিত হৈছে ৷ অহা ১২ এপ্ৰিলত অসামৰিক বিমান পৰিবহনৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আনুষ্ঠানিক ভাৱে লীলাবাৰীত পাইলত প্ৰশিক্ষণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ৷

