Breaking

পিম্পলছ, ক’লা দাগ গৰমৰ দিনত মহিলাৰ প্ৰধান সমস্যা ! এই সমস্যা কেনেকৈ সমাধান কৰিব…

0 97

এতিয়া গ্ৰীষ্মকাল, গৰমৰ প্ৰকোপ দিনে দিনে বাঢ়িছে। এনে সময়ত মহিলাৰ এক প্ৰধান সমস্য হৈছে পিম্পলছ আৰু ক’লা দাগ ।কোনে নিবিচাৰে মুখখন ধুনীয়া আৰু নিৰ্মল কৰি ৰাখিব, কিন্তু বৰ্তমান সময়ৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু পৰিৱেশৰ বাবে মুখৰ বহু ক্ষতি হয়। মুখত পিম্পল হোৱাটো সাধাৰণ কথা । কিন্তু, যেতিয়া এই পিম্পলছ শেষ হয় তেতিয়া মুখত ক’লা দাগ বহি যায়, যাৰ ফলত মুখৰ সৌন্দৰ্য্যত অতি বেয়া প্ৰভাৱ পৰে।গতিকে এই সমস্যাৰ পৰা কিদৰে মুক্ত হ’ব…

মুখৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ নিয়মিতভাৱে পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয়, নহ’লে মলিৰ বাবে পিম্পল আৰু ক’লা দাগ বহিবলৈ আৰম্ভ কৰে। সাধাৰণতে মানুহে মুখ চাফা কৰাৰ বাবে চাবোন বা ফেচ ৱাছ ব্যৱহাৰ কৰে, কিন্তু যদি আপুনি ঘৰতে বনোৱা বিশেষ ধৰণৰ স্ক্ৰাব ব্যৱহাৰ কৰে, তেতিয়া ব্ৰণৰ দাগ নাইকিয়া হৈ যাব।

যিসকল লোকৰ ছাল তেলীয়া, তেওঁলোকে এটা বাটিত ২ চামুচ দৈ ল’ব কিন্তু যদি আপোনাৰ ছাল শুকান হয় তেন্তে গাখীৰ ব্যৱহাৰ কৰাটো ভাল। ইয়াৰ লগত ওটছ মিহলাই খালে ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় আৰু এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে।

নেমু ৰস ব্যৱহাৰ কৰিও আপুনি এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।

মৌ, কণ বিলাহী মিহলাই মুখত লগালেও এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।

যদি আপুনি এই স্ক্ৰাব নিয়মিতভাৱে ব্যৱহাৰ কৰে তেন্তে এসপ্তাহৰ পিছত ইয়াৰ ফলাফল পাব।

পৰাপক্ষত তেল, মচলা কম থকা খাদ্য সেনৱন কৰিব।

Leave A Reply