নতুন দিল্লী, ১২ মে’: PL-15
ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাপূর্ণ পৰিস্থিতিৰ মাজত আজি ভাৰতীয় সেনাই সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত সেনাই ঘোষণা কৰে যে, ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই চীনত নিৰ্মিত PL-15 লং ৰেঞ্জ মিছাইল সফলতাৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় বায়ুসেনাৰ ডাইৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেশ্যনছ (DGMO) এয়াৰ মাৰ্শ্বাল অভধেশ কুমাৰ ভাৰতী প্ৰকাশ কৰে, “আমাৰ এই যুদ্ধ আছিল সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে। ৭ মে’ত আমি কেৱল সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আত্মগোপন স্থানতহে আক্ৰমণ কৰিছিলো। কিন্তু দুৰ্ভাগ্যজনকভাৱে পাকিস্তানে ইয়াক নিজৰ ৰাষ্ট্ৰীয় লড়াই হিচাপে লৈ সন্ত্ৰাসবাদীক সমৰ্থন আগবঢ়াইছিল।”
তেওঁ লগতে কয়, “ভাৰতীয় সেনাই পাকিস্তানৰ আক্রমণৰ প্ৰত্যুত্তৰত যথোপযুক্ত আৰু নিয়ন্ত্ৰিতভাৱে অভিযান চলাইছিল। যদিও বৰ্তমান LOC (Line of Control) আৰু IB (International Border)ত শান্তি দেখা গৈছে, তথাপিও সেনা আগন্তুক অভিযানৰ বাবে সদায় সাজু আছে।”
অভেদ্য বায়ু প্ৰতিরক্ষা ব্যবস্থাঃ
এয়াৰ মাৰ্শ্বাল অভধেশ কুমাৰে কয়, “আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা যেনে Akash Missile System, Pechora, AD চৰফেচ, লগতে SAMS আৰু ল’ ডিফেন্স গানৰ সহায়ত শত্ৰুৰ যিকোনো আক্রমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা ৰাখে। পাকিস্তানে ব্যৱহাৰ কৰা ড্ৰ’ন আৰু মানৱবিহীন যুদ্ধবিমানসমূহকো দেশীয়ভাৱে বিকাশ কৰা ‘চফ্ট আৰু হাৰ্ড কিল কাউণ্টাৰ ইউএএছ’ ব্যৱস্থাৰে সফলতাৰে বিফল কৰা হৈছে।”
DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয়, “আমি ‘অপাৰেশ্যন সেন্দূৰ’ সম্পূৰ্ণৰূপে সীমাৰ ভিতৰত ৰৈ সম্পন্ন কৰিছো। LOC আৰু IB পাৰ নোহোৱাকৈ অপাৰেশ্যনটো সফলভাৱে চলোৱা হৈছে। আমি আগতীয়াকৈ সম্ভাব্য আক্ৰমণৰ বিষয়ে জানিছিলো, সেয়েহে আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সক্ৰিয় আছিল।”
তেওঁৰ মন্তব্যত স্পষ্ট হয় যে, ভাৰতীয় সেনাৰ লক্ষ্য সদা স্পষ্ট আৰু তৎপরতা সম্পূৰ্ণ। তেওঁ কয়, “যেতিয়া লক্ষ্য স্থিৰ হয়, তেতিয়া গন্তব্য নিজে ওলাই আহে।”