Plane Crash: ভয়ংকৰ বিমান দুৰ্ঘটনা! স্বামীয়ে আশা কৰিছিল জীৱিত অৱস্থাত ঘূৰি আহিব পত্নী!

“২০ মিনিটৰ পিছত এয়াৰপৰ্ট পাম!”পত্নীয়ে স্বামীলৈ বাৰ্তা প্ৰেৰণ কৰে।(Plane Crash) কিন্তু তাৰ পিছৰ পৰা পত্নীৰ মেছেজ নাই। আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। কানছাছৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ পথত ৰ’নাল্ড ৰেগান বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে আমেৰিকান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমানে সামৰিক হেলিকপ্টাৰত খুন্দা মাৰে। ৫৩৪২ নং বিমানখনে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কর্মচাৰীকে ধৰি ৬৪জন যাত্রী আছিল বিমানখনত৷ সেই বিমানত আছিল হামাদ নামৰ এগৰাকী ব্যক্তিৰ পত্নীও। হামাদে এটা সংবাদ মাধ্যমক কয় যে তেওঁ পত্নীয়ে দুৰ্ঘটনাৰ পূৰ্বে পত্নীয়ে কি কৈছিল? তেওঁলোকৰ শেষ কথা প্ৰকাশ কৰিলে হতাশ স্বামীয়ে, প্ৰাৰ্থনা কৰিলে কোনোবাই যাতে নদীৰ পৰা উদ্ধাৰ কৰে তেওঁৰ পত্নীক। পত্নীয়ে কৈছিল যে ২০ মিনিটৰ পিছত বিমানখন অৱতৰণ কৰিব এয়াৰপৰ্ট। পত্নীৰ মেছেজ আহিলেই ৰিপ্লাই দিছিল স্বামীয়ে। কিন্তু পিছত চিন্তিত হৈ পৰিল স্বামী আৰু ভাবিলে যে শেষৰ মেছেজটো তেওঁ নাপালে। তাৰ পিছতে খবৰ আহিল যে তেওঁৰ পত্নীয়ে উভতি অহা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে।

এই দুৰ্ঘটনাৰ পৰা উদ্ধাৰ হৈছে ১৮ জন লোকৰ মৃতদেহ। হামাদৰ ভয় আৰু চিন্তা বাঢ়িল। বুধবাৰে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত আমেৰিকান এয়াৰলাইন্সৰ বিমানখনে ৰ’নাল্ড ৰেগান বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু ইয়াৰ সন্মুখীন হ’ল প’ট’মেক নদীত এক দুৰ্ঘটনা। বিমানখনত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত জ্বলি উঠে বিমান খন।

Related Articles