গছ থাকিলেহে মানুহ জীয়াই থাকিব শ্লোগান লৈ মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলী উপস্থিত হয় গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত। আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত এখন ফুলৰ বাগিছাৰ শুভাৰম্ভণি কৰে। একাডেমী খন অধ্যক্ষ ৰফিকুল ইছলামে জানিবলৈ দিয়া মতে গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা পোৱা, পৰিৱেশ ভালকৈ ৰখাৰ বাবে গছপুলি ৰোপণ কৰাৰ বিকল্প নাই, সেই বাবে ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণ কৰাৰ মানসিকতা সৃষ্টি কৰিবলৈ এখন ফুলৰ বাগিছা স্থাপন কৰা হয়। বাগিছা খনত ফুল গছ ৰোপণ কৰি শুভাৰম্ভণি কৰে আৰফান আলীৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক হাজী নুৰুল ইছলাম চৌধুৰীয়ে।

অনুষ্ঠানত প্ৰথমে অতিথি দ্বয় আৰফান আলী, হাজী নুৰুল ইছলাম চৌধুৰীৰ লগতে গ্ৰীনভেলী একাডেমীৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন, সম্পাদক মজনু মিঞা, সহকাৰী সম্পাদক হাফিজ ৰকিবুল ইছলাম, অধ্যক্ষ ৰফিকুল ইছলাম, উপাধ্যক্ষ ছবুৰ উদ্দিন দেৱান, স্থানীয় সেনা জোৱান ইমৰাণ খানক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। গছপুলি ৰোপণ কাৰ্যসূচীত আন আন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। আৰফান আলী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হাজী নুৰুল ইছলাম চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীক ঘৰতে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।

