মাজবাটত অমৃত মহোৎসৱ আঁচনিৰ জৰিয়তে বৃক্ষ ৰোপন

ওদালগুৰি জিলাৰ মাজবাটৰ  বৈগাপাৰা ফূলুগুৰি পথত অমৃত মহোৎসৱ আচঁনি জৰিয়তে প্রায় দুই কিলোমিটাৰ পথচোৱাৰ দুয়ো কাখে  গছ পুলি ৰোপনৰ কাৰ্যসূচীৰ  শুভাৰম্ভ কৰে। ১২জুলাইত দিনৰ ১২:০০ মান বজাত ফিটা  কাটি কাৰ্যসূচী শুভাৰম্ভ কৰে মাজবাট গ্রাম্য পথ ও গড় কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা ৰঞ্জিত কুমাৰ শৰ্মাই৷ কাৰ্য্যসূচী অনুসৰি গড়কাপ্তানী বিভাগৰ অভিযন্তা গনেশ ডেকাই উক্ত পথচোৱাৰ দুয়ো কাষে দুডাল মুল্যবান গছৰ পুলি ৰোপন কৰি কয় যে যি সময়ত বন ধ্বংস কৰা হৈছে সেই সময়তে কেন্দ্রীয় চৰকাৰে প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰিবলৈ  গ্রাম্য অঞ্চল সমুহত স্বাধীনতাৰ অমৃত মহোৎসবৰ নিচিনা আচঁনি যুগুত  কৰি তুলিছে বুলি কয়  অভিযন্তা গৰাকীয়ে।  এই কাৰ্য্যসূচীত খনত উপস্থিত থাকে বি টি চিৰ ৩৯ নং পাচঁনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দিপক মৌৰ, সমাজ সেৱক ও ব্যবসায়ী ধৰ্মেশ্বৰ গয়াৰী, আটছাৰ কেন্দ্রীয় কমিটিৰ উপ সভাপতি কৈলাশ গোঁড় , ঠিকাদাৰ বিচিত্র বসুমাতাৰী,মাজবাট ভি চি ডি চি ৰ প্রাক্তন সভাপতি  আদিল   ৰহমান,ভবানী থাপা , আটছাৰ মাজবাট আঞ্চলিক সমিতিৰ সভাপতি শুকলাল ওৰাং আদি উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায় ৷

Related Articles