“আজাদী কা অমৃত মহোৎসৱৰ” লগত সংগতি ৰাখি আজি নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গছপুলি ৰোপণ কৰা হয়।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত নলবাৰী-ৰঙিয়া সীমান্তবৰ্তী ভাটকুছিত বন বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত একহাজাৰ গছপুলি ৰোপণ কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণয়ে।
পৰিবেশ সংৰক্ষণ আৰু প্ৰদুৰ্শন নিয়ন্ত্ৰণ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকাৰীয়ে এই ধৰনৰ পদক্ষেপ গ্ৰহণ কৰিছে।

অনুষ্ঠানত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

