বজাৰলৈ বা দোকানলৈ প্লাষ্টিকৰ বেগ(Plastic)বিচাৰি নিবিচৰা মানুহৰ সংখ্যা তেনেই কম হয়তো৷ আমাৰ বহুতৰে বাবে এতিয়া দৈনন্দিন ব্যৱহাৰত প্লাষ্টিক সম্পূৰ্ণৰূপে পৰিহাৰ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিছে৷ পেকেটত ভৰোৱা খোৱা পানীৰ পৰা আৰম্ভ কৰি চিপচলৈকে, কাপোৰ কিনাৰ পৰা আৰম্ভ কৰি মাছ-শাক-পাচলি – সকলোতে প্লাষ্টিক লাগেই৷ আৰু এই প্লাষ্টিকটোৱে লাহে লাহে পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, মানৱ জীৱনৰ ওপৰত নিজৰ প্ৰভাৱ পেলাইছে৷ আমাৰ চৰম অসাৱধানতাৰ বাবে প্লাষ্টিকৰ দানৱে আমাক চাৰিওফালৰ পৰা আগুৰি ধৰিছে৷ ১৯৫০ চনত সমগ্ৰ বিশ্বতে প্ৰায় ২০ লাখ টন প্লাষ্টিক সামগ্ৰী উৎপাদন কৰা হৈছিল৷
২০১৫ চনত এই পৰিমাণ বৃদ্ধি পাই ৪১৯ টনতকৈও অধিক হয়৷ বৰ্তমান ইয়াৰ ওজন ৪৬০ টনৰ ওচৰত৷ তথ্য অনুসৰি যদি এনেদৰে চলি থাকে তেন্তে ২০৫০ চনৰ ভিতৰত বিশ্বত ১৪৮ কোটি টনতকৈ অধিক প্লাষ্টিক উৎপাদন হ’ব৷ সময়ৰ লগে লগে প্লাষ্টিক উৎপাদন বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ লগত সংগতি ৰাখি প্লাষ্টিকৰ আৱৰ্জনাও বৃদ্ধি পাইছে৷ যিটো আমাৰ পৃথিৱীত ক্ৰমান্বয়ে জমা হৈ আহিছে, সাগৰৰ পানী, নদী আৰু নৈত জমা হৈ আছে৷ পৰিবেশ বিশৃংখল হৈ পৰিছে৷ শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে ২০২৪ চনত সমগ্ৰ বিশ্বতে মুঠ ২০ কোটি টন প্লাষ্টিকৰ আৱৰ্জনা জমা হৈছিল৷ অৰ্থাৎ বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতি বছৰে ২৮ কিলোগ্ৰাম প্লাষ্টিক আৱৰ্জনা পৃথিৱীলৈ পেলাই আহিছে৷
বৰ্তমান বিশ্বৰ প্ৰায় ৬৬ শতাংশ জনসংখ্যা এনে অঞ্চলত বাস কৰে য’ত প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ পৰিমাণ স্থানীয় ব্যৱস্থাপনা ক্ষমতাতকৈ অধিক৷ সমগ্ৰ বিশ্বতে প্ৰতিদিনে আনুমানিক ২০০০ ট্ৰাক ভৰ্তি প্লাষ্টিকৰ আৱৰ্জনা প্ৰতিটো সাগৰ, নদী আৰু জলভাগত জমা হয়৷ ইউএনইপিৰ এক অধ্যয়ন অনুসৰি প্লাষ্টিক প্ৰদূষণৰ সমস্যাটো অতি ভয়াৱহ হৈ পৰিছে৷ বিশেষকৈ জলবায়ু পৰিৱৰ্তন, পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়, সম্পদৰ ব্যৱহাৰ আদি অন্যান্য পৰিৱেশৰ চাপৰ উপৰিও প্লাষ্টিকৰ পৰিৱেশ, সামাজিক, অৰ্থনৈতিক আৰু স্বাস্থ্যজনিত বিপদৰ প্ৰতিও গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷ বৰ্তমান বিশ্বৰ মহাসাগৰত প্ৰতি বছৰে ৰ কোটি ৪০ লাখ টন প্লাষ্টিক জমা হয়৷ যদি এতিয়া এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ২০৪০ চনৰ ভিতৰত এই পৰিমাণ ২.জ্ঝ কোটি মেট্ৰিক টন হ’ব৷
ইয়াৰ লগত যদি মাইক্ৰ’প্লাষ্টিক যোগ কৰা হয় তেন্তে একে সময়ছোৱাত ৬০ কোটি টনলৈ বৃদ্ধি পাব৷ এই বিপুল পৰিমাণৰ প্লাষ্টিকৰ বাবে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হৈছে৷ বহুতো জলজ প্ৰাণী বিপদৰ সন্মুখীন হৈছে৷ বৰ্তমান বিশ্বজুৰি উৎপাদিত প্লাষ্টিকৰ ৯০ শতাংশ পুনঃব্যৱহাৰযোগ্য নহয়৷ যদিও দিনক দিনে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে, তথাপিও পৃথিৱীত প্ৰতিদিনে বিপুল পৰিমাণৰ পেলনীয়া প্লাষ্টিক জমা হৈ আছে, যাৰ ফলত ক্ৰমান্বয়ে গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে৷ বহু দূৰলৈকে প্লাষ্টিকৰ সৰ্বাধিক ব্যৱহাৰ পেকেজিং উদ্যোগত৷ আয়তনৰ ক্ষেত্ৰত ই প্ৰায় ৪৪ শতাংশ৷ ইয়াৰ পিছতে নিৰ্মাণ উদ্যোগ, অটোমোটিভ উদ্যোগ ইত্যাদি৷ যদি আমি সঠিক পৰিকল্পনাৰে এইবোৰ ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰ ধাপে ধাপে হ্ৰাস কৰিব পাৰো, তেন্তে অনাগত দিনত ই পৰিবেশৰ বাবে উপকাৰী হ’ব৷