Breaking

দেৰগাঁৱৰ দুৰ্ঘটনাত নিহত আৰু আহতৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰীৰ আৰ্থিক সাহায্য

0 250

বুধবাৰে পুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুর্ঘটনাই চকু সেমেকাই তুলিছে ৰাজ্যবাসীৰ। দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকল যাতে পুনৰ সুস্থ হৈ উঠে তাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে।

ইফালে বালিজানত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকল লৈ ৫০ হাজাৰ টকাৰ আর্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।

শোকাবহ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও শোক প্ৰকাশ কৰে।সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি তেওঁ কয়, “পুৱা দেৰগাঁৱত সংঘটিত কৰুণ পথ দুৰ্ঘটনাৰ খবৰটিয়ে ব্যথিত কৰিছে দুৰ্ঘটনাটোত অকালতে বিয়োগ হোৱা মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। এই দুখৰ মুহূৰ্তত ভুক্তভোগী পৰিয়ালসমূহক গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

এই কঠিন সময়ত স্থানীয় প্রশাসনে সকলো প্রয়োজনীয় সহায় আগবঢ়াইছে। ‘আনহাতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি কয়, “বছৰৰ আৰম্ভণিতে এনে দুৰ্ঘটনা হ’ব বুলি কোনেও ভবা নাছিলোঁ । কাৰ ভুলৰ বাবে এনে দুর্ঘটনা সংঘটিত হৈছে তাক চালি জাৰি চোৱা হ’ব । দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে গুৱাহাটীৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হৈছে পৰিবহন আয়ুক্ত অংকুৰ জৈন আৰু পৰিবহন সুৰক্ষাৰ মুৰব্বী গৌৰৱ উপাধ্যায়।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে শোক প্রকাশ কৰি কয়, “দেৰগাঁৱৰ বালিজানত সংঘটিত মর্মান্তিক পথ দুৰ্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যুৰ কৰুণ খবৰে আমাক ব্যথিত কৰিছে। নিহতসকলৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো আৰু দুৰ্ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

Leave A Reply