আদমপুৰ এয়াৰবেছত মোদী: “ভাৰতলৈ চকু দিলে ধ্বংস নিশ্চিত”, অপাৰেচন সেন্দূৰত সেনাৰ জয়গাথা গীত গায় প্ৰধানমন্ত্ৰী । PM MODI

আদমপুৰ, পঞ্জাৱ | PM MODI । ভাৰত-পাকিস্তান সংঘাতৰ পটভূমিত আজি পুৱা পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সাহসী জোৱানসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁ উৎসাহ প্ৰদান কৰাৰ লগতে শক্তিশালী বক্তব্য আগবঢ়ায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ আৰম্ভণিতে স্পষ্ট হুংকাৰ দিয়ে, “ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিলে কেৱল ধ্বংসৰ ৰূপত ফলাফল দেখা যাব।” অপাৰেচন সেন্দূৰৰ সফলতা উদযাপন কৰি মোদীয়ে সেনাৰ শৌৰ্য-বীৰত্বৰ প্রশংসা কৰে আৰু কয়, “আজিৰ পৰা বহু দশকৰ পাছতো যেতিয়া ভাৰতৰ এই শৌৰ্যৰ বিষয়ে আলোচনা হ’ব, তেতিয়া আপোনালোক ইয়াৰ গুৰুত্বপূৰ্ণ অধ্যায় হ’ব।”

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, ‘ভাৰত মাতা কি জয়’ শ্ল’গানত বিশ্বে আজি নতুন শক্তি অনুভৱ কৰিছে। এই ধ্বনি শুনিলে ভাৰতৰ শত্ৰু পক্ষ কঁপি উঠে বুলি মোদীয়ে মন্তব্য কৰে। তেওঁ কয়, “এই নতুন ভাৰত কেৱল প্রতিশোধ লোৱা নহয়, আত্মসম্মান ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

অপাৰেচন সেন্দূৰক মোদীয়ে ভাৰতৰ নীতি, উদ্দেশ্য আৰু সিদ্ধান্ত গ্ৰহণক্ষমতাৰ সংগম হিচাপে অভিহিত কৰে। তেওঁ স্পষ্টকৈ কয়, “আমাৰ ভগ্নী-কন্যাৰ সেন্দূৰ কাঢ়ি নিয়াৰ সময়তে আমি সন্ত্ৰাসবাদীৰ ঘৰত প্ৰৱেশ কৰি বিধ্বস্ত কৰি পেলালো। অপাৰেচনে দেখুৱাইছে যে আতংকৰ মালিকসকলে ভাৰতলৈ চকু দিলে, ফলাফল একেই — ধ্বংস।”

মোদীয়ে লগতে কয় যে, অপাৰেচন সেন্দূৰে কেৱল দেশৰ সুৰক্ষা নিস্চিত কৰা নাই, বরঞ্চ সমগ্ৰ দেশবাসীক এক সূতাৰে গাঁথিছে। ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাই একযোগে অপাৰেচন চলাই পাকিস্তানী সেনাক প্ৰত্যক্ষভাৱে পৰাস্ত কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সেনাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “সৈনিকসকলৰ সাহস আৰু উৎসৰ্গাই আজিৰ ভাৰত গঢ়িছে। প্ৰতিজন নাগৰিকে আজি জোৱানসকলৰ পৰিয়ালৰ বাবে কৃতজ্ঞ। ভাৰতৰ আত্মসন্মান আজি নতুন উচ্চতাৰ সন্ধান পাইছে।”

Related Articles