Breaking

কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনা, ২২ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুৰ্মুৰ। ঘোষণা ২ লাখকৈ ক্ষতিপূৰণ…

0 28

কেৰালাৰ মালাপ্পুৰম জিলাত এখন হাউচবোট ডুব যায়। এই দুৰ্ঘটনাত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে। নাওখনত বহি থকা মুঠ লোকৰ সংখ্যা অনুমান কৰিব পৰা নগ’ল। কেৰালাৰ মালাপ্পুৰম জিলাত ২৫ জনতকৈ অধিক লোক কঢ়িয়াই অনা এই নাও খন উটি যোৱাৰ ফলত কমেও ২২ জন লোকৰ মৃত্যু হয়। দেওবাৰে (৭ মে’) সন্ধিয়া প্ৰায় ৭ বজাত তন্নুৰৰ টুভাল তেৰাম পৰ্যটনস্থলীত সংঘটিত হয় এই ঘটনা। আঞ্চলিক অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া শ্বিজু কে কেয়ে জনোৱা মতে, এই পৰ্যন্ত ২১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়ালৈকে নাওখনত বহি থকা লোকৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই। এন ডি আৰ এফ, অগ্নিনিৰ্বাপক আৰু স্কুবা ডাইভিং দলে চলাই আছে এই অনুসন্ধানৰ অভিযান। কেৰেলাৰ ৰাজহ মন্ত্ৰী কে ৰাজনে কয় যে নৌসেনাৰ দলটোও সহায়ৰ বাবে আগবাঢ়ি আহিছে।

ঘটনাটো গম পোৱাৰ লগে লগে বহু বাহন ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইফালে, কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ঘটনাৰ পিছত মাজনিশা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ জৰুৰী বৈঠক আহ্বান কৰি আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। স্বাস্থ্যমন্ত্ৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ লগতে আহতসকলৰ উন্নত চিকিৎসাৰ নিৰ্দেশ দিছে। সোমবাৰে পুৱা ৬ বজাৰ পৰা মৰণোত্তৰ পৰীক্ষা আৰম্ভ কৰিবলৈও কঠোৰ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে। শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাত মানুহৰ মৃত্যুত শোক প্ৰকাশ কৰি মৃতকৰ ওচৰৰ আত্মীয়ক দুই লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ টুইট কৰি দুখ প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আপোনজনক হেৰুৱা পৰিয়াল সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে টুইট কৰি কয়, “কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনাত লোকৰ কৰুণ মৃত্যু অত্যন্ত আচৰিত আৰু দুখজনক। নিজৰ আপোনজনক হেৰুৱা পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা। জীৱিতসকলৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছো।”

Leave A Reply