Breaking

জলবায়ু সন্মিলনত কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে সংঘবদ্ধ যুঁজৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ…

0 40

গাজাত যুদ্ধৰ মাজতে ডুবাইত ইজৰাইলৰ ৰাষ্ট্ৰপতিৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ গণৰাজ্যত অনুষ্ঠিত হোৱা ২৮ সংখ্যক জলবায়ু সন্মিলনত কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে যুঁজিবলৈ এক ‘সৰ্বগ্ৰহণযোগ্য , সক্ৰিয় আৰু ইতিবাচক পদক্ষেপ’ৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ নেতাসকলক কাৰ্বন হ্ৰাসৰ উদ্যোগটোত যোগদান কৰিবলৈ আৰু সেউজ ভৱিষ্যতৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু ন্যায়, জলবায়ু বিত্ত আৰু সেউজ ঋণৰ দৰে বিষয়কে ধৰি ভাৰতে আৰম্ভ কৰা পদক্ষেপসমূহৰ প্ৰতি বিশ্বৰ নেতাসকলৰ নিৰন্তৰ সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। “আজি এই মঞ্চৰ জৰিয়তে মই আন এক গ্ৰহ-পন্থী, সক্ৰিয় আৰু ইতিবাচক পদক্ষেপক আমন্ত্ৰণ জনাইছো, যিহৈছে গ্ৰীণ ক্ৰেডিট ইনিশিয়েটিভ। এইটো সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে কাৰ্বন ক্ৰেডিটৰ বাণিজ্যিক মানসিকতাৰ বাহিৰত কাৰ্বন চিংক সৃষ্টি কৰাৰ এক অভিযান। মই আশা কৰোঁ যে আপোনালোক সকলোৱে সঁচাকৈয়ে এই প্ৰচেষ্টাত যোগদান কৰিব,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

গাজা জ্বলিয়েই আছে। যুদ্ধবিৰতিৰ সমাপ্তিৰ পিছত ইজৰাইল আৰু হামাছে পুনৰ যুঁজত লিপ্ত হৈছে। গাজাত যুদ্ধ চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজ’গক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত চিঅ’পি ২৮ বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ডুবাইত ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বৈঠকত মিলিত হয়। আলোচনাকালত মোদীয়ে ইজৰাইল-পেলেষ্টাইনী সংঘাতৰ এক স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধানৰ বাবে আহ্বান জনায় । দুয়োগৰাকী নেতাই গাজা ষ্ট্ৰিপত ইজৰাইলী সেনাৰ অভিযান আৰু হামাছৰ সংহাৰৰ বিষয়ে আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে ৭ অক্টোবৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। একে সময়তে তেওঁ হামাছৰ দ্বাৰা বন্দী কৰি ৰখা বন্দীসকলৰ মুক্তিকো আদৰণি জনায়। উল্লেখ্য ৭ অক্টোবৰত হামাছে ইজৰাইলক লক্ষ্য কৰি প্ৰায় পাঁচ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল। ইয়াৰ পিছতে ইজৰাইলৰ সেনাই গাজা ষ্ট্ৰিপত হামাছক উৎখাত কৰাৰ বাবে অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৈছে যে মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ সৈতে আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ পৰা ফোন পোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পুনৰ এই কথা দোহাৰে। কেইদিনমান আগতে মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ সৈতেও টেলিফোনত বাৰ্তালাপ কৰিছিল। দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে ইজৰাইল আৰু হামাছৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ বিষয়ে আলোচনা কৰিছিল। ৰাইচিৰ সৈতে হোৱা বৈঠকত মোদীয়ে সন্ত্ৰাসবাদ, হিংসা আৰু যুদ্ধত নিৰীহ লোকৰ মৃত্যুৰ বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইন সন্দৰ্ভত ভাৰতৰ দীৰ্ঘম্যাদী স্থিতিৰ কথাও দোহাৰিছিল।

উল্লেখ্য স্বাধীন পেলেষ্টাইনৰ সপক্ষে ভাৰতৰ স্থিতি দীৰ্ঘদিন ধৰি একে আছে। অৱশ্যে, হামাছ বনাম ইজৰাইল যুদ্ধৰ মাজতে ইহুদী দেশখনৰ প্ৰতি ভাৰতৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। সংঘৰ্ষৰ মাজতে ভাৰে এখন স্বাধীন পেলেষ্টাইনী ৰাষ্ট্ৰ গঠনৰ কিয় পক্ষপাতী সেই কথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত একাধিকবাৰ ব্যাখ্যা কৰিছে। যোৱা মাহত ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল “আমি বিচাৰো যে পেলেষ্টাইন এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হওক।’

Leave A Reply