Breaking

ISROৰ বৈজ্ঞানিকৰ সৈতে সত বিনিময় কৰি আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

0 59

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত বিজ্ঞানীসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। ক’লে- শৰীৰ আৰু মন সুখেৰে ভৰি পৰিল। বৈজ্ঞানিকৰ লগত কথা পাতি থাকোঁতে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। ক’লে- শৰীৰ আৰু মন সুখেৰে ভৰি পৰিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই। প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলৰ সৈতে ইছৰোৰ কমাণ্ড নেটৱৰ্কে বৈঠকত মিলিত হ’বলৈ বেংগালুৰুৰ মিছন কণ্ট্ৰল কমপ্লেক্সত উপস্থিত হয়।

আজি সমগ্ৰ বিশ্বই আমাৰ বিজ্ঞানী আৰু বৈজ্ঞানিক প্ৰতিভাক শলাগ লৈছে বুলিও তেওঁ উল্লেখ কৰে। চন্দ্ৰযান-৩ অভিযানত মহিলা বিজ্ঞানীসকলৰ অৱদানক প্ৰশংসা প্ৰধানমন্ত্ৰী গৰাকীয়ে।ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰা ঠাইখনৰ নামকৰণৰ কথাও ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, মুন লেণ্ডাৰৰ স্থান শিৱশক্তি নামেৰে পৰিচিত হ’ব। তেওঁ কয় যে মানৱতাৰ কল্যাণৰ সংকল্প শিৱত নিহিত হৈ আছে আৰু শক্তিৰ সৈতে আমি সেই সংকল্প পূৰণ কৰাৰ ক্ষমতা পাওঁ।

Leave A Reply