এবছৰ নহয়, দুবছৰ নহয়, সুদীৰ্ঘ (PM Modi meet Xi Jinping) সাত বছৰৰ পিছত ৰঙাচীনৰ মাটিত ভৰি দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এছচিঅ’ শীৰ্ষ সন্মিলনৰ বাবে চীনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে চীনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জাপানৰ পৰা তেওঁ পোনে পোনে চীন অভিমুখে যাত্ৰা কৰিছিল। ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনলৈ যোৱা মোদীৰ এই ভ্ৰমণ উল্লেখযোগ্য কূটনৈতিক পৰিৱৰ্তন হিচাবে বিবেচিত হৈছে।
এছ চি অ’ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ১০ জনীয়া ব্লকৰ নেতাসকলৰ সৈতে যোগদান কৰিব, য’ত আঞ্চলিক নিৰাপত্তা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে মোডীৰ চীন ভ্ৰমণৰ সময় উল্লেখযোগ্য। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় ৰপ্তানিৰ ওপৰত তীব্ৰ শুল্ক আৰোপ কৰাৰ পিছত নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত ঘৰ্ষণ ক্ৰমাৎ বৃদ্ধি পাইছে। কিন্তু আমেৰিকাৰ সৈতে সম্পৰ্ক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৈ থকাৰ সময়তে ভাৰতে নিজৰ কূটনৈতিক আৰু অৰ্থনৈতিক বিকল্পসমূহৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ বাবে বেইজিঙৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিছে।মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনকে ধৰি অন্যান্য নেতাসকলকো সাক্ষাৎ কৰিব। কাইলৈ জিনপিঙৰ সৈতে মোদীৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। এইবাৰ কূটনৈতিক দৃষ্টিকোণৰ পৰা এই সন্মিলন গুৰুত্বপূৰ্ণ। প্ৰায় ৭ বছৰৰ মূৰত চীনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী।চীনত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া পোষ্ট এক্সত এই তথ্য প্ৰদান কৰিছে।তেওঁ কৈছে, “মই টিয়ানজিনত উপস্থিত হৈছো। চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত বিভিন্ন দেশৰ নেতাসকলক সাক্ষাৎ কৰাৰ অৰ্থপূৰ্ণ আলোচনা আৰু সাক্ষাতক লৈ মই অতিশয় উৎসাহিত।”
ৰাছিয়া-ইউক্ৰেইন আৰু ইজৰাইল-হামাছৰ যুদ্ধ অব্যাহত থকাৰ সময়তে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। এফালে যদি দক্ষিণ এছিয়া আৰু এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তাজনিত উত্তেজনা অব্যাহত আছে আনফালে বিশ্ব বাণিজ্য যুদ্ধ আৰম্ভ কৰিছে ট্ৰাম্পে। বিশেষজ্ঞসকলৰ মতে প্ৰায় প্ৰতিখন দেশৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিছে আমেৰিকাই। এনে পৰিস্থিতিত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজকে বিশ্ব শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এইটো এটা ভাল সময়।
২০০১ চনত গঠন হোৱা এই এছ চি অ’ৰ বৰ্তমান ৯ খন সদস্য দেশ আছে – চীন, ৰাছিয়া, ভাৰত, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান আৰু ইৰাণ। বেলাৰুছ, আফগানিস্তান আৰু মংগোলিয়া ইয়াৰ পৰ্যবেক্ষক। এই মঞ্চ এছিয়াৰ ৰাজনীতি, নিৰাপত্তা আৰু বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।উল্লেখ্য ২০২৪ চনৰ অক্টোবৰ মাহত ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত মোদী আৰু জিনপিঙৰ অন্তিমবাৰৰ বাবে সাক্ষাৎ হৈছিল। এই সময়ছোৱাত দুয়োৰে মাজত দ্বিপাক্ষিক আলোচনাও অনুষ্ঠিত হয়। একে সময়তে জিং জিনপিঙে শেষবাৰৰ বাবে ২০১৯ চনত ভাৰত ভ্ৰমণ কৰিছিল।তাৰ পিছত দুয়োগৰাকী নেতাই তামিলনাডুৰ মহাবলীপুৰমত সাক্ষাৎ কৰিছিল। মোদীৰ এইবাৰৰ চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্ন কৰিব বুলি আশা কৰা হৈছে।

